ETV Bharat / state

বৰবাম গাঁৱত মুকলি সৌৰশক্তি চালিত চাকি

ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ কুঁহিপাত পুথিভঁৰালৰ আদৰণীয় পদক্ষেপ । পুথিভঁৰালৰ সৌজন্যত স্থাপন হোৱা সৌৰশক্তিৰে চালিত চাকি উদ্বোধন কৰা হয় ।

author img

By

Published : Apr 6, 2021, 5:02 PM IST

ডিব্ৰুগড়ৰ বৰবাম গাওঁত মুকলি সৌৰশক্তি চালিত চাকি

মৰাণ,৬ এপ্ৰিল: ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ন-খঙীয়া হাতীবন্ধা গাঁও পঞ্চায়তৰ ১ নং বৰবাম গাঁৱৰ ৰাইজৰ সহযোগত সৃষ্টি হোৱা কুঁহিপাত পুথিভঁৰালৰ সৌজন্যত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই সভাত জিলাখনৰ উপায়ুক্তই কুঁহিপাত পুথিভঁৰালৰ সৌজন্যত স্থাপন হোৱা সৌৰশক্তিৰে চালিত চাকি উদ্বোধন কৰে ।

উল্লেখ্য যে, স্থানীয় যুৱক অঞ্জন নাগৰ নেতৃত্বত গাঁৱৰ আৰ্থ-সামাজিক উন্নয়নৰ পৰিকল্পিত কৰ্মসূচীৰ আধাৰত বৰবাৰী গাঁৱত ২০১৯ চনত এই পুথিভঁৰালটো স্থাপন কৰা হৈছিল ৷ তাৰ পৰৱৰ্তী সময়ত মহিলা সবলীকৰণৰ অংশ হিচাপে আত্মসহায়ক গোটৰ সৃষ্টিৰে খাদ্য প্ৰস্তুত আৰু বিতৰণ ব্যৱস্থাও আৰম্ভ কৰা হয় ৷ লগতে মহিলা ফুটবলৰ বিকাশৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ৷ এই সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত, টেঙাখাত ৰাজহ চক্ৰ বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: কলিয়াবৰত পুনৰ 3 জনৰ দেহত ক’ভিড 19ৰ উপস্থিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.