ETV Bharat / state

গুলী নহয়, ক্ৰীড়াৰ জৰিয়তে সমাজ পৰিবৰ্তন কৰাৰ প্ৰয়াস প্ৰাক্তন আলফা নেতাৰ - Anti Drugs mission of Ex Ulfa

নতুন প্ৰজন্মৰ মাজত ক্ৰীড়াৰ মনোভাৱ বৃদ্ধিৰ বাবে চেষ্টা চলাইছে আলফা নেতা গুলী অসমে । প্ৰাক্তন আলফা নেতা ৰহেন্দ্ৰ মৰান ওৰফে গুলী অসমে ডিব্ৰুগড়ত খেলুৱৈৰ মাজত বিতৰণ কৰিলে জাৰ্চী ৷

Anti Drugs mission of Ex Ulfa
আলফা নেতা গুলী অসম
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:15 PM IST

আলফা নেতা গুলী অসম

মৰাণ, ১৮ নৱেম্বৰ: আৰক্ষীৰ বাবে এসময়ত মুৰৰ কামোৰণি আছিল ৰহেন্দ্ৰ মৰান ওৰফে গুলী অসম । স্বাধীন অসমৰ সপোন দেখি আলফা স্বাধীনত যোগদান কৰি একালৰ মৰাণ ছাত্ৰ সন্থাৰ নেতা জন হৈ পৰিছিল গুলী অসম । কিন্তু সময় পাৰ হোৱাত ২০১৩ চনত সশস্ত্র সংগ্রাম ত্যাগ সমাজৰ মূল সূঁতিলৈ ঘূৰি আহে ৰহেন্দ্ৰ মৰান ওৰফে গুলী অসম । ইয়াৰ পাছতে সমাজৰ বাবে কিবা এটা কৰাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে একালৰ দুধৰ্ষ আলফা নেতাজন ।

লগতে পঢ়ক:তেলেংগানাত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি: বিবাহ সাহায্য ১ লাখ টকা, যুৱতীক ১০গ্ৰাম সোণ, বিনামূলীয়া বৈদ্যুতিক স্কুটাৰ

নতুন প্ৰজন্মৰ মাজত ড্ৰাগছ, ভাং, মদৰ প্ৰচলন বন্ধ কৰাৰ লক্ষ্যৰে কাম কৰাৰ চেষ্টা কৰিছে এইজন প্ৰাক্তন আলফা নেতাই । নিচাযুক্ত দ্ৰৱ্যৰ পৰা যাতে নতুন প্ৰজন্ম আঁতৰি থাকে সেয়ে ক্ৰীড়াৰ মনোভাৱ বৃদ্ধিৰ বাবে চেষ্টা চলাইছে প্ৰাক্তন আলফা নেতা গুলী অসমে । তিনিচুকীয়া জিলাৰ বাসিন্দা ৰহেন্দ্ৰ মৰাণে অৰণ্য এৰাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন প্ৰান্তৰৰ অসহায় লোক, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী, নতুন প্ৰজন্মৰ খেলুৱৈ সকলক বিভিন্ন সময়ত আৰ্থিকভাৱে সহায় কৰি আহিছে ।

লগতে পঢ়ক:প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াত মহত্বপূৰ্ণ ভূমিকা লৈছে তথ্য প্ৰযুক্তিয়ে: মন্ত্ৰী কেশৱ মহন্ত

কালি এনে এক ব্যতিক্ৰমী পদক্ষেপ দেখা গ'ল ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত থকা চৌকিডিঙ্গী খেলপথাৰত । খেলপথাৰখনত প্ৰশিক্ষণত থকা যদুশৎম ক'চিং চেন্টাৰৰ খেলুৱৈসকলক একোটাকৈ জাৰ্চী উপহাৰ দি উৎসাহ যোগায় মৰাণে । এই প্ৰাক্তন আলফা নেতাজনে ইয়াৰ পূৰ্বেও তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বহু খেলুৱৈক বিভিন্ন ধৰণেৰে উৎসাহিত কৰি আহিছে । এসময়ত আৰক্ষী আৰু ভাৰতীয়ৰ সেনাৰ মূৰৰ কামোৰণি হোৱা গুলী অসমৰ এনে মহানুভৱতাৰ শলাগ লৈছে সচেতন ৰাইজে ।

লগতে পঢ়ক:মামা-চাচাৰ কম্বিনেশ্যন থকালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব : যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.