ETV Bharat / state

Protest at Lahowal: কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

author img

By

Published : Apr 6, 2023, 9:32 PM IST

চাহ কোম্পানীসমূহে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিচতেই ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ ডিব্ৰুগড়ৰ লাহোৱালত ক্ষুদ্ৰ চাহ খেতিয়কে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Small tea planters association protest) ৷

Small tea planters association protest at Lahowal
কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণৰ বিৰোধিতাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

মৰাণ, 6 এপ্ৰিল: বণিকগোষ্ঠীৰ মইমতালিত দুৰ্ভোগ ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়কে ৷ বৃহস্পতিবাৰে সন্মুখত কেঁচা চাহপাত লৈ উচিত মূল্য বিচাৰি ডিব্ৰুগড়ৰ লাহোৱালত ক্ষুদ্ৰ চাহ খেতিয়কে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Small tea planters association protest) ৷ ৰাজ্যত যিসময়ত পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাবলৈ ধৰিছে সেই সময়তে হুৰাহুৰে কমিবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য (Protest at Lahowal)। ইফালে দিনক দিনে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ দাম দিনক দিনে বৃদ্ধি পোৱাত কেঁচা চাহপাতৰ সৰ্বনিম্ন মূল্যই চাহ খেতিয়ক সকলৰ মূৰত ৰাম টাঙোন সোধাইছে ।

সম্প্ৰতি সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহি এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । ফলত চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি ক্ষোভ উজাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷

ইয়াৰ পিচতেই আজি অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কেঁচা চাহপাত সন্মুখত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে "আপাৰ আসাম স্মল টী প্লেন্টাৰ্ছ এছ'চিয়েচন" (Upper Assam Small Tea Planters Association) লাহোৱাল আঞ্চলিক সমিতিয়ে ।

বহিৰাগত বণিকগোষ্ঠীৰ অধীনত থকা চাহ কোম্পানীসমূহে কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰিছিল ৷ ইয়াৰ পিচতে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰতিবাদকাৰীসকলে (protest against fixing prices of raw tea leaves) ৷ আপাৰ আসাম স্মল টী প্লেন্টাৰ্ছ এছ'চিয়েচন ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানত লাহোৱাল আঞ্চলিকৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক: Erosion at Beki River: বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে নদীত আত্মজাহৰ হুংকাৰ নৈপৰীয়াৰ

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত ৪৩ টকাৰ পৰা ২৮ টকালৈ নিম্নগামী কৰাত জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বিমোৰত পৰিছে ৷ কেঁচা চাহপাতৰ নিৰিখ নিৰ্ধাৰণ কৰা এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে । বণিকগোষ্ঠীৰ মইমতালি নচলিব, খেতিয়কক নিজৰ প্ৰাপ্য প্ৰদান কৰক আদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.