ETV Bharat / state

Viral Video: চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী - অসম অৰুণাচল সীমান্ত

চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী উপ-পৰিদৰ্শক । এই সমগ্ৰ দৃশ্য বন্দী হ’ল ম’বাইলৰ কেমেৰাত আৰু তাৰ পাছত....

SI Sleeping inside Local Wine Shop
চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষীৰ উপ পৰিদৰ্শক
author img

By

Published : Jul 9, 2022, 1:16 PM IST

মৰাণ, 9 জুলাই : আৰক্ষী থানা নহয়, এইবাৰ আৰক্ষী বিষয়াৰ ঠিকনা হ’ল চুলাই ভাটি ৷ চুলাই ভাটিৰ বিচনাত সুখনিদ্ৰাত আৰক্ষীৰ উপ পৰিদৰ্শক । কিন্তু দিন বেয়া আছিল আৰক্ষী বিষয়াগৰাকীৰ ৷ কাৰণ এই সমগ্ৰ দৃশ্য বন্দী হ’ল ম’বাইলৰ কেমেৰাত আৰু তাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তত(Assam Arunachal Border) থকা এটা অতি স্পৰ্শকাতৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ কৰ্তব্য এৰি চুলাই ভাটিৰ গৰাকীৰ ঘৰৰ বিচনাত নিদ্ৰাত মগ্ন আৰক্ষী বিষয়াগৰাকী হৈছে পানজু বৰুৱা । চৰাইপুং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ।

চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষীৰ উপ পৰিদৰ্শক

এতিয়া প্ৰশ্ন হয় বিয়াগোম আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি গঢ় লৈ উঠা অসামাজিক অবৈধ চুলাই মদ বিক্ৰী চক্ৰৰ লগত মধুৰ সম্পৰ্ক ৰাখে নেকি কিছু আৰক্ষীয়ে ? নে চুলাই বেপাৰীৰ পৰা মোটা অংকৰ ধন লৈ ফ্ৰীতে চুলাই খাই বেপাৰীৰ বিচনাতে সুখ নিদ্ৰাত থাকে এনে আৰক্ষী ।

এনে আৰক্ষীৰ কৃপাতেই চলে নেকি অবৈধ চুলাই মদৰ ঘাটিসমূহ ৷ চৰাইদেউ জিলাৰ চৰাইপুং থানাৰ চকুত ধূলি দি গঢ় লৈ উঠা এই অবৈধ চুলাই মদ প্ৰস্তুত আৰু বিক্ৰীৰ ঘাটিবোৰত গ্ৰাহকৰ সন্মুখত টোপনি মৰা এইজন আৰক্ষী উপ পৰিদৰ্শকৰ কৰ্মকাণ্ডই এতিয়া সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ।

একে সময়তে সীমান্তৱৰ্তী এটা অতি স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত হৈ এনেদৰে চুলাই ভাটিত সুখনিদ্ৰাত থকা আৰক্ষী বিষয়াই সৰ্বসাধাৰণ জনতাক কি নিৰাপত্তা দিব, তাক লৈও স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে ৷ এইগৰাকী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ শীৰ্ষ বিষয়াই এতিয়া কি ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : লখিমপুৰত উদ্ধাৰ 9 টাকৈ এয়াৰগান-পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.