ETV Bharat / state

খোৱাঙত ১২ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন ৬৫ বছৰীয়া বৃদ্ধৰ - জেল হাজোতলৈ প্ৰেৰণ

কিশোৰী-যুৱতী নহয় এইবাৰ যৌন নিৰ্যাতনৰ বলি হ’ল কিশোৰ ৷ খোৱাঙত সংঘটিত হৈছে এই ঘটনা ৷ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধই এটি ১২ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন চলোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি কৰিছে ।

Sexual harassment case at Khowang
খোৱাঙত ১২ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন ৬৫ বছৰীয়া বৃদ্ধৰ
author img

By

Published : Jun 16, 2021, 10:28 PM IST

মৰাণ,16 জুন : ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দেৱাচালি গাঁৱত বুধবাৰে সোমেশ্বৰ কৰ্মকাৰ নামৰ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধই এটি ১২ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন চলোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি কৰিছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি দেৱাচালি গাঁৱৰ ব্যক্তিজনে ওচৰৰে এগৰাকী কিশোৰক কোনো মানুহ নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় । ইপিনে কিশোৰটিয়ে পৰিয়ালক সকলো কথা অৱগত কৰাত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ব্যক্তিজনক আটক কৰে ।

Sexual harassment case at Khowang
খোৱাঙত ১২ বছৰীয়া কিশোৰক যৌন নিৰ্যাতন ৬৫ বছৰীয়া বৃদ্ধৰ

সম্প্ৰতি খোৱাং আৰক্ষীয়ে ps c/no 39/2021 u/s 448/377 IPC R/W Sec 4 POSCO Actৰ অধীনত এটা গোচৰ ৰুজু কৰি লম্পটোক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । আনহাতে কিশোৰ গৰাকীৰ পৰিয়ালে কিশোৰ গৰাকীক খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ আৰক্ষীক কামুৰি পলায়নৰ চেষ্টা ড্ৰাগছ সৰবৰাহকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.