ETV Bharat / state

ঘৰে ঘৰে পুলি বিক্ৰী কৰা যুৱকে খুলিলে নাৰ্চাৰী - Selfreliant of youth

Self reliant youth: টিংখাঙৰ এজন যুৱক । এই যুৱকজনে আজি আন দহজনৰ বাবে হৈছে আদৰ্শ । প্ৰকৃতিক ভালপোৱা বিজু গগৈয়ে এইবাৰ নাৰ্চাৰীৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলক দিব প্ৰশিক্ষণ ।

Sunflower Nursery in Tingkhong
টিংখাঙৰ ছানফ্লাৱাৰ নাৰ্চাৰী
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:04 PM IST

টিংখাঙৰ ছানফ্লাৱাৰ নাৰ্চাৰী

মৰাণ, ২৯ ডিচেম্বৰ: সাহস আৰু মনত উদ্যম থাকিলে সকলো কথাতে সফলতা অৰ্জনৰ বাট মুকলি হয় । এই কথাকে প্ৰমাণ কৰিলে শৈশৱৰে পৰা প্ৰকৃতিক ভালপোৱা টিংখাঙৰ এজন যুৱকে । প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকি ভাল পোৱা এইজন যুৱকে আজি আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে । ডিব্ৰুগড়ৰ জিলা টিংখাঙৰ নলনী কপহুৱা গাঁৱৰ বিজু গগৈ নামৰ যুৱকজনে আনক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে অন্য এক সফলতাৰ বাটেৰে ।

নিজৰ একাগ্ৰতাৰ বাবে এসময়ত সাপ্তাহিক বজাৰ, মানুহৰ ঘৰে-ঘৰে পুলি বিক্ৰী কৰা যুৱকজন এতিয়া ছানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী । উজনি অসমৰ বৃহৎ নাৰ্চাৰী সমূহৰ এখন অন্যতম ছানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী বিজু গগৈক প্ৰকৃতিয়ে দিছে সফলতাৰ বাট । ২০১৮ চনতে ৯০০০ টকাৰ পুলিৰে নাৰ্চাৰী আৰম্ভ কৰা বিজুৱে গাঁৱৰ সাপ্তাহিক বজাৰ, মানুহৰ ঘৰে-ঘৰে, কৃষকৰ হাতে-হাতে দি পুলি বিক্ৰী কৰিছিল । পিছলৈ তেওঁ নাৰ্চাৰীখন সম্প্ৰসাৰণ ঘটাই বৰ্তমান অৰুণাচল, নাগালেণ্ড, কলকাতা আদিৰ লগতে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ এইখন নাৰ্চাৰীত উৎপাদিত বিভিন্ন উন্নত মানৰ পুলি ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।

থলুৱা হেৰাই যাবলৈ ধৰা বিভিন্ন গছ,ফল-মূল, ফুল আদি গ্ৰাফটিং পুলিৰ লগতে জাপান, থাইলেণ্ড, বাংলাদেশ আদি দেশৰ বিভিন্ন প্ৰজাতিৰ পুলি বৰ্তমান এইখন নাৰ্চাৰীত উপলব্ধ । মহাৰাষ্ট্ৰত নাৰ্চাৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিজুৱে নতুন বৰ্ষৰ আৰম্ভণিৰে পৰা এই ক্ষেত্ৰখনত আগ্ৰহী ছাত্ৰ- ছাত্ৰী, যুৱক-যুৱতী, কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে । বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলক লৈ প্ৰশিক্ষণৰ পৰিকল্পনা কৰা এই নতুন পদক্ষেপত সহযোগিতা বিচাৰিছে বিজু গগৈয়ে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাই গুপ্তহত্যাৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰিছে: লুৰীণজ্যোতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.