ETV Bharat / state

স্বাভিমানী ৰাইজে বিবেক বিক্ৰী নকৰে: লুৰিণ - প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

সোমবাৰে নামৰূপত নিৰ্বাচনী সভাত অংশ লৈ ১২০ নং নাহৰকটীয়া সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ৷ সভাত ভাষণ প্ৰসংগত লুৰিণে কয়, এইবাৰ নিৰ্বাচনত স্বাভিমানী ৰাইজে পাঁচ কেজি বিনামূলীয়া চাউল আৰু ৮৩০ টকাৰ প্ৰলোভনৰ বাবে বিবেক বিক্ৰী নকৰে ৷

স্বাভিমানী ৰাইজে বিবেক বিক্ৰী নকৰে: লুৰিণ

author img

By

Published : Mar 22, 2021, 10:24 PM IST

মৰাণ,22 মাৰ্চ: ৰাষ্ট্ৰীয়তাবাদী দলৰ সমানে সমানে নিৰ্বাচনী প্ৰচাৰ চলাইছে আঞ্চলিকতাবাদী দলসমূহে ৷ সোমবাৰে নামৰূপত নিৰ্বাচনী সভাত অংশ লয় ১২০ নং নাহৰকটীয়া সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ৷ সভাত ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়, এইবাৰ নিৰ্বাচনত স্বাভিমানী ৰাইজে পাঁচ কেজি বিনামূলীয়া চাউল আৰু ৮৩০ টকাৰ প্ৰলোভনৰ বিনিময়ত বিবেক বিক্ৰী নকৰে ৷

সাৰ নগৰী নামৰূপৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই জনসভাত অংশগ্ৰহণ কৰি নেতাজনে শাসকপক্ষ বিজেপি আৰু কংগ্ৰেছক সমালোচনা কৰে । লুৰিণে কয়, সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে ঘোষণা কৰা ১০০ কোটি টকা আজিও কাৰ্যকৰী নহ'ল ৷ চতুৰ্থ গোটক লৈ বিজেপি চৰকাৰে সদায় আওকাণ কৰিলে ৷

স্বাভিমানী ৰাইজে বিবেক বিক্ৰী নকৰে: লুৰিণ

ইয়াৰ উপৰিও নিৰ্বাচনী প্ৰচাৰ সভাত ইউনিভাৰচেল বেচিক ইনকম সন্দৰ্ভত বিশদভাৱে পৰিকল্পনাৰ কথা অৱগত কৰি, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি বিজেপি চৰকাৰে মহিলাসকলক প্ৰদান কৰা মিথ্যা প্ৰতিশ্ৰুতিক কঠোৰ সমালোচনা কৰে । অসম জাতীয় পৰিষদৰ হৈ অসমৰ জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই গীত আৰু কথাৰেও প্ৰচাৰ চলাই ৰাইজক আঞ্চলিকতাবাদৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: যুৱ শক্তিক লগত লৈ নিৰ্বাচনী ৰণত এইবাৰ প্ৰাঞ্জল ঘাটোৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.