ETV Bharat / state

পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন - Agricultural Revolution in Tingkhang

টিংখাঙৰ কৃষি পথাৰত এসাগৰ হালধীয়া । হালধীয়া চাদৰ হৈ ফুলা সৰিয়হ ফুলবোৰে দৃষ্টি নন্দন পৰিৱেশৰ সৃষ্টি কৰিছে টিংখাঙৰ ধমনৰ ২ নং কেন্দুগুৰীত । চৌদিশে যেন কোনোবাই পাৰি দিছে হালধীয়া চাদৰৰ আস্বাদন । সৰিয়হ, মাটিমাহ, ধান, মটৰ খেতি কৰি স্বাৱলম্বিতাৰ সপোন ৰচিছে টিংখাঙৰ পিতা-পুত্ৰই ।

Self-reliant father and son through agriculture
পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:59 PM IST

পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন

মৰাণ,১৩ ডিচেম্বৰ: টিংখাঙৰ কৃষি পথাৰত এসাগৰ হালধীয়া । চৌদিশে যেন কোনোবাই পাৰি দিছে হালধীয়া চাদৰৰ আস্বাদন । বিঘাই বিঘাই সৰিয়হ খেতিয়ে এতিয়া হাঁহি বিৰিঙাইছে কৃষকৰ মুখত । এবিঘা দুবিঘা নহয় মুঠ ৮০ বিঘা ভূমিত কৃষিকাৰ্য কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে টিংখাঙৰ দুই পিতা-পুত্ৰই ।

বুঢ়ীদিহিঙৰ পাৰৰ বিশাল পলসুৱা ভূমিত চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া । হালধীয়া চাদৰ হৈ ফুলা সৰিয়হৰ ফুলবোৰে দৃষ্টি নন্দন পৰিৱেশৰ সৃষ্টি কৰিছে টিংখাঙৰ ধমনৰ ২ নং কেন্দুগুৰী অঞ্চলৰ বুঢ়ীদিহিঙৰ পাৰৰ পলসুৱা কৃষি ভূমিত আৰু এই লহপহকৈ বাঢ়ি অহা সৰিয়হ মাটিমাহ, মটৰ , আলু খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত ।

গাঁওখনৰ আদৰ্শ খেতিয়ক দুলাল খনিকৰে নিজৰ ২২ বিঘা কৃষিভূমিত কৃষিকাৰ্য কৰা উপৰি স্থানীয় লোকৰ পৰা প্ৰায় ৬০ বিঘা কৃষি ভূমি লিজত লৈ সৰিয়হ, মাটিমাহ, মগুমাহ, মটৰ, ধান আদি খেতি কৰি অঞ্চলটোৰ এজন আদৰ্শ খেতিয়ক হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । দুলাল খনিকৰক এই কৃষিকাৰ্যত সহায় কৰি আহিছে তেওঁৰ পুত্ৰ ডিম্বেশ্বৰ খনিকৰে ।

কৃষিকাৰ্যৰ জৰিয়তে পৰিয়ালটোৱে বছৰি যথেষ্ট টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । কোনো চৰকাৰী সা-সুবিধা লাভ নকৰাকৈয়ে ৮০ বিঘা মাটিত কৃষিকৰ্ম কৰি এটা নিদৰ্শন দাঙি ধৰিছে দুই পিতা-পুত্ৰই । উদীয়মান কৃষক ডিম্বেশ্বৰ খনিকৰে চৰকাৰী চাকৰি বিচাৰি থকা মাজতেই কৃষিকৰ্মত নিজক নিয়োজিত কৰা কথা জানিবলৈ দিছে । লগতে চাকৰিৰ সুবিধা লাভ নকৰাসকলক শতাশ নহৈ কৃষি কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: সপোনৰ পমখেদি বুবুৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.