ETV Bharat / state

Science stream in Tingkhang College: বিজ্ঞান শাখা অন্তৰ্ভুক্তিত টিংখাং কলেজত আনন্দৰ জোৱাৰ

author img

By

Published : Oct 20, 2022, 12:44 PM IST

Updated : Oct 20, 2022, 1:26 PM IST

উজনিৰ এখন মহাবিদ্যালয়ত আনন্দৰ জোৱাৰ । দীৰ্ঘদিনীয়া এক সপোন পৰিণত হ'ল বাস্তৱত । ঐতিহ্যমণ্ডিত টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযোজিত হোৱাৰ পাছতে এই উৎসৱমুখৰ পৰিৱেশ মহাবিদ্যালয়খনত (Science stream introduced in Tingkhang College) ।

Tingkhang College
Tingkhang College

মৰাণ, ২০ অক্টোবৰ : টিংখাং মহাবিদ্যালয়ত আনন্দৰ জোৱাৰ (wave of joy at Tingkhang College) । শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৰে আজি অপাৰ আনন্দ । কোনোৱে যদি বিহু গাইছে, কোনোৱে আকৌ হিয়া উজাৰি নাচিছে । অৱশেষত টিংখাঙৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আহিল এটা ভাল খবৰ । বিজ্ঞানৰ আলোকেৰে আলোকিত হ'ব টিংখাং মহাবিদ্যালয় ।

বিজ্ঞান শাখা অন্তৰ্ভুক্তিত টিংখাং কলেজত আনন্দৰ জোৱাৰ

বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ প্ৰাদেশীকৃত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ত সংযোজিত হ'ল বিজ্ঞান শাখা (Science stream introduced in Tingkhang College) । অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত (Assam Government Cabinet) অসমৰ অন্য ৭ খন মহাবিদ্যালয়ৰ লগতে টিংখাং মহাবিদ্যালয়তো বিজ্ঞান শাখা মুকলি কৰাৰ বাবে বিভিন্ন পদৰ অনুমোদন জনোৱা হয় ।

ইয়াৰে ভিতৰত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু গণিত বিষয়ত ৩ টাকৈ মুঠ ১৫ টা পদৰ লগতে ১ টা লেব'ৰেটৰী সহায়ক আৰু ৪ টা লেবৰেট'ৰী বিয়েৰাৰ পদৰ অনুমোদন লাভ কৰিছে মহাবিদ্যালয়খনে । ইয়াৰ লগে লগে মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সপোনে পূৰ্ণতা লাভ কৰাৰ বাট মুকলি হ'ল ।

উল্লেখযোগ্য যে ১৯৭২ চনত গ্ৰাম্য পটভূমিত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ পাৰ কৰিছে (Golden Jubilee of Tingkhang College) । গ্ৰাম্য প্ৰধান টিংখাং অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ একমাত্ৰ আশা-ভৰসাৰ স্থল হিচাপে পৰিগণিত হৈ আহিছে এই মহাবিদ্যালয়খন ।

মহাবিদ্যালয়খনে অঞ্চলটোৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক কলা শাখাত অধ্যয়নৰ সুযোগ প্ৰদান কৰি আহিছে যদিও বিজ্ঞান শাখা উপলব্ধ নোহোৱাৰ ফলত অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী বিজ্ঞান শাখাত অধ্যয়নৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ মৰাণ, শিৱসাগৰ, ডিব্ৰুগড় আদি অঞ্চলৰ মহাবিদ্যালয়লৈ যাবলগীয়া হোৱাৰ বাবে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা থাকিলেও বিজ্ঞান শাখাত অধ্যয়ন কৰিব পৰা নাছিল ।

যাৰ বাবে মহাবিদ্যালয়খনত বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ অভিভাৱক তথা শিক্ষানুৰাগী ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল । অৱশেষত অসম চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয়খনত বিজ্ঞান শাখা সংযোজনৰ অনুমোদন জনোৱাত স্বাভাৱিকতে এতিয়া উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীসকল ।

এইক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ লগতে শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে কলেজ কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Successful journey of Entrepreneur Geetanjali: উদ্যমী গীতাঞ্জলিয়ে আৰম্ভ কৰিলে আন এখন নাৰ্চা ৰ

Last Updated : Oct 20, 2022, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.