ETV Bharat / state

মৰাণৰ সতীশ চন্দ্ৰ চুতীয়ালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটা

author img

By

Published : Sep 3, 2021, 9:32 PM IST

মৰাণৰ বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ চন্দ্ৰ চুতীয়াই লাভ কৰিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা । শিক্ষক দিৱসৰ দিনটোত ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সন্মান ৷

sathish-chandra-chutia-got-state-award-to-teacher-2021
মৰাণৰ সতীশ চন্দ্ৰ চুতীয়ালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটা

মৰাণ, 3 ছেপ্টেম্বৰ : ক'ভিড পৰিস্থিতি কিছু সাম কটাৰ পাছতে 6 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় মহাবিদ্যালয় সমূহ খোলাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণলৈ আহিল এটা ভাল খবৰ । মৰাণৰ বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ চন্দ্ৰ চুতীয়াক অসম চৰকাৰে 2021 বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিবাৰ্চিত কৰিছে ।

Sathish Chandra Chutia got State award to Teacher 2021
ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটা

এই খবৰ প্ৰকাশ পোৱাৰ পাছতে মৰাণৰ বৌদ্ধিক সমাজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে । 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব সতীশ চন্দ্ৰ চুতীয়াক । ওৰে জীৱন নিষ্ঠাৰে পালন কৰি অহা শিক্ষকতাৰ স্বীকৃতি হিচাপে শিক্ষা বিভাগে আগবঢ়োৱা এই সন্মানত নথৈ আনন্দিত হোৱা বুলি মত উল্লেখ কৰিলে সতীশ চন্দ্ৰ চুতীয়াই ।

sathish-chandra-chutia-got-state-award-to-teacher-2021
মৰাণৰ শিক্ষকে লাভ কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁঁটা

1987 চনৰ পৰা 1990 চনলৈকে টিংঠেঙীয়া জৰিগুৰি বনফুল উচ্চ মাধ্যমিক বিদ্যালয়ত বিনা বেতনেৰে শিক্ষকতা কৰি পৰৱৰ্তী সময়ত 1990 চনত পৰা বামুনবাৰী উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষকতা কৰি বৰ্তমান ভাৰপাপ্ত প্ৰধান শিক্ষকৰ দায়িত্বত থকা চুতীয়াই শিক্ষকতাৰ উপৰিও কৰি আহিছে সাহিত্য চৰ্চাও ৷ লগতে মৰাণৰ শাখা সাহিত্য সভাকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো জড়িত হৈ আছে সতীশ চন্দ্ৰ চুতীয়া ।

ইতিমধ্যে সতীশ চন্দ্ৰ চুতীয়া লিখিত "শিলত কটা দিন" নামৰ এখনি কবিতা পুথি আৰু "জীৱনৰ এমুঠি গদ্য" নামৰ এখন প্ৰবন্ধ পুথি প্ৰকাশ পাইছে । কলেজীয়া দিনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা চুতীয়া বৰ্তমান চৰাইদেউ জিলাৰ কবি সন্মিলনৰ সভাপতিৰ দায়িত্বত থাকি আলোচনী আৰু বাতৰি কাকতৰ জড়িয়তে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:9 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা এখন বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.