ETV Bharat / state

চাচনীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 31, 2020, 9:15 AM IST

Updated : Jul 31, 2020, 10:11 AM IST

জাতি ৰক্ষাৰ স্বাৰ্থত পুনৰ সৰৱ হল চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে কা বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দালন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

SASONI REGIONAL STUDENT UNION PROTEST AGAINST CAA
চাচনীত নাগৰিকত্ব সংশোধনী আইন বাতিল দাবীত উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়, 30 জুলাইঃ ডিব্ৰুগড় জিলাৰ চাচনীত পুনৰ কা' বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে ৷

কৰ'ণাৰ ভয়াৱহতাকো নেওঁচি জাতি ৰক্ষাৰ স্বাৰ্থত পুনৰ সৰৱ হ'ল চাচনীবাসীৰ লগতে ৰাইজ ৷ বৃহস্পতিবাৰে চাচনী আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীৰে চাচনীৰ হালোৱা তিনি আলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত "কা" খিলঞ্জীয়াই নেমানে,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হুচিয়াৰ আদি শ্ল'গানেৰে কঁ‌পাই তোলে চাচনীৰ আকাশ বতাহ।

'কা' আন্দোলনৰ ৫ জনকৈ শ্বহীদৰ ত্যাগক সন্মান জনাই অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে এই আইন বাতিল ন'হলে ধাৰাবাহিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷ লগতে 'কা' আন্দোলনত চাচনীৰ ত্যাগক সোঁৱৰাই দি কয় যে,কা বাতিল নোহোৱা পৰ্যন্ত চাচনীবাসী ক্ষান্ত নহয় আৰু সমাগত নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱালে ইয়াৰ ফল ভুগিব লাগিব বুলিও সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- অখিল গগৈক মুক্তিৰ দাবীত দলগাঁৱত উত্তাল প্ৰতিবাদ

Last Updated : Jul 31, 2020, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.