ডিব্ৰুগড়, 2 জুলাইঃ বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে বৃহত্তৰ চাচনী মৌজাৰ বহু কেইখন গাঁও । চাচনী আৰক্ষী চকীৰ অন্তৰ্গত সাপমাৰি,দীঘলী ব্লক,মূঢ়ানী,দিহিং কিনাৰ,দাহাল কুলাগড়া,আমগুৰী নেপালী গাঁও আদি এতিয়া পানীৰ তলত । আনহাতে পথৰ ওপৰেদি বৈ গৈছে পানী ৷ বাঢ়নী পানীয়ে বুৰাই পেলালে কৃষিজীৱি ৰাইজৰ কঠিয়াতলিকে ধৰি বাম খেতিৰ বিস্তীৰ্ণ অঞ্চল যাৰ পৰিণতিত এতিয়া দিশহৰা হৈ পৰিছে কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজ ৷
মনকৰিবলগীয়া কথা যে,ৰাজ্যৰ জলাশয় বিলাক বাম হৈ যোৱাৰ ফলতেই বৰষুণৰ পানীসমূহ উটি গৈ নদীত পৰাত বাধা আহি পৰাৰ লগতে বিভিন্ন কাৰণত নৈ সমূহৰ বুকু বাম হৈ পৰাৰ বাবে ইয়াৰ বহন ক্ষমতা হ্ৰাস পাই বোৱঁতী পানী সমূহ একো একোটা নিৰ্দিষ্ট অঞ্চলত ৰৈ যোৱাত এনেধৰণৰ বানৰ সৃষ্টি হৈছে ৷
৮৫ খন ৰাজহ গাৱঁৰ এই বৃহৎ মৌজা চাচনী, য'ত প্ৰায় ৪০ হাজাৰ ভোটাৰৰ অধিক সংখ্যক লোকৰ বহুমূলীয়া ভোটেৰে জয়লাভ কৰি বিধায়কৰ আসন শুৱনি কৰা নৰেন সোণোৱালক ৰাইজৰ এই সমস্যাক ৰাজনীতিকৰণ নকৰি এক দীৰ্ঘম্যাদি পৰিকল্পনাৰে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা উপ সভাপতি অঞ্জন নেওঁগে ৷
লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি