ETV Bharat / state

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ: মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ মহিলা মঞ্চৰ - খ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি

চৰকাৰে যি চৰ্ত সাপেক্ষে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ঘূৰাই দিবলৈ লৈছে, সেইক্ষেত্ৰত অসম মহিলা মঞ্চ একমত নহয় ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে সকলো মহিলাৰ ঋণ বিজেপি চৰকাৰ আহিলে চৰকাৰে ঘূৰাই দিব বুলি যি প্ৰতিশ্ৰুতি দিছিল গতিকে তাক পালন কৰাৰ আহ্বান মহিলাসকলৰ ৷

sasetan-mahila-manch-meet-minister-ashok-singhal
মাইক্ৰ ফাইনেন্সৰ ঋণ সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ মহিলা মঞ্চৰ
author img

By

Published : Jun 15, 2021, 11:58 AM IST

মৰাণ, 15 জুন : ৰাজ্যত এতিয়া বিশেষভাৱে চৰ্চিত হৈছে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্ৰসংগ ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ চৰকাৰে যি চৰ্ত সাপেক্ষে ঘূৰাই দিবলৈ লৈছে, সেইক্ষেত্ৰত যথেষ্ট অসন্তুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে ঋণ গ্ৰহণকাৰীসকলক ৷ সোমবাৰে সদৌ অসম সচেতন মহিলা মঞ্চৰ সদস্যাসকলে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ কৰি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা স্থিতিত একমত নহয় বুলি অৱগত কৰে ৷ যিহেতু পূৰ্বৰ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে সকলো মহিলাৰ ঋণ বিজেপি চৰকাৰ আহিলে চৰকাৰে ঘূৰাই দিব বুলি যি প্ৰতিশ্ৰুতি দিছিল, তাক পালন কৰাৰ আহ্বান মহিলাসকলৰ ৷

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ সন্দৰ্ভত মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ মহিলা মঞ্চৰ

মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰি মহিলাসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম সচেতন মহিলা মঞ্চই ৷ মঞ্চৰ সভানেত্ৰী অনুপমা ফুকনৰ নেতৃত্বত যোৱা এটি দলে মন্ত্ৰী সিংঘালক সাক্ষাৎ কৰি বিষয় সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰাৰ লগতে ৰাজ্যৰ অধিকাংশ মহিলাক সকাহ দিবলৈ আহ্বান জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ মন্ত্ৰী গৰাকীয়ে বিষয়টো সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ আশ্বাস দিয়ে ৷

লগতে পঢ়কঃ বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.