ETV Bharat / state

Dibrugarh Trade Expo 2023; ভাৰতবৰ্ষৰ ভিতৰত অসম উৎপাদক্ষম ৰাজ্য হিচাপে পৰিগণিত হৈছে : সৰ্বানন্দ সোণোৱাল - চৌকিডিঙীত বাণিজ্য মেলা

ডিব্ৰুগড়ৰ চৌকিডিঙীত অনুষ্ঠিত কৰা হৈছে ১১ দিনীয়া বাণিজ্য মেলা ৷ ২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হোৱা এই বাণিজ্য মেলাত শনিবাৰে অসম চৰকাৰৰ ডিব্ৰুগড় বাণিজ্য মেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Dibrugarh Trade Expo 2023
বাণিজ্য মেলা অনুষ্ঠিত
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:10 PM IST

চৌকিডিঙীত অনুষ্ঠিত কৰা হৈছে ১১ দিনীয়া বাণিজ্য মেলা

ডিব্ৰুগড়, ৮ অক্টোবৰলৈ : ৰাজ্যৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙীত অনুষ্ঠিত কৰা হৈছে ১১ দিনীয়া বাণিজ্য মেলা । ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে চহৰখনৰ চৌকিডিঙীত অনুষ্ঠিত হৈছে ডিব্ৰুগড় বাণিজ্য মেলা ।

২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা এই বাণিজ্য মেলাত শনিবাৰে সন্ধিয়া অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বাণিজ্য মেলাৰ লগত জড়িত কৰি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে এই ধৰণৰ বাণিজ্য মেলা অনুষ্ঠিত কৰি উল্লেখনীয় কাম কৰিছে । পূৰ্বৰ তুলনাত অসমত বৰ্তমান উদ্যমী সৃষ্টি হৈছে । এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে অসম এখন উৎপাদনক্ষম ৰাজ্য হিচাপে পৰিচিত হৈ উঠিব’’ ৷

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, অসম পেট্ৰ’কেমিকেলছৰ অধ্যক্ষ বিকুল ডেকা, অসম বাণিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধু ডেকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু বিভাগৰ বিষয়াসকল ।

উল্লেখযোগ্য যে, উজনি অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, ধেমাজি আৰু চৰাইদেউ জিলাক সামৰি থলুৱা উদ্যোগীসকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যে ২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ আয়োজন কৰা এই বাণিজ্য মেলাত দেশ বিদেশৰ মুঠ ১৪১ খন বাণিজ্য বিপণিয়ে অংশ লৈছে ।

ইয়াৰে ৰাজ্যখনৰ ১০০ খন ৰাজ্যৰ, বাহিৰ অৰ্থাৎ দেশৰ বিভিন্ন ৰাজ্যৰ ৪০খন আৰু আফগানিস্তানৰ এখন বাণিজ্য বিপণিয়ে অংশ লৈছে ।

লগতে পঢ়ক : Assam CM on Amrit Kalash Yatra; কংগ্ৰেছে অমৃত কলহ যাত্ৰাক অপমান কৰাক লৈ মই দুখ পাইছো : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.