ডিব্ৰুগড়,18 ছেপ্টেম্বৰ: আজি ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দেশৰ সংসদীয় ব'ৰ্ড আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে দায়িত্ব লাভ কৰাৰ পাছত আজি ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী(BJPs Parliamentary Board member Sarbananda Sonowal ) । ইয়াকে লৈ ব্যস্ততা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিজেপি কৰ্মীসকলৰ মাজত ৷
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ শীৰ্ষ নেতৃত্বই দেশৰ সংসদীয় বৰ্ড আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে দায়িত্ব প্ৰদান কৰিছে(Union Minister Sarbananda Sonowal )। প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ নেতা হিচাপে পৰিচিত সোণোৱালক বিজেপিৰ শীৰ্ষ নেতাই দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ পাছতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিজেপি কৰ্ম-কৰ্তাসকলক ।
আজি ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকলে মোহনবাৰী বিমান বন্দৰত উষ্ম আদৰণি জনাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক । পৰৱৰ্তী সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত বাসগৃহৰ কাষতে থকা আউনীআটী শাখা সত্ৰলৈকে আদৰণি শুভাযাত্ৰাৰে বিজেপি কৰ্মীসকলে আদৰিব । ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীজনে এখন বিশাল জনসভাত অংশ লব বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, দেশৰ সংসদীয় ব'ৰ্ড আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত চলিত মাহৰ আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গুবাহাটীত উপস্থিত হৈছিল ৷
লগতে পঢ়ক: Erosion in majuli: লুইতৰ খহনীয়াই বিপদ মাতিছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ