ETV Bharat / state

দিহিংমুখত বালি মাফিয়াই চাৰি মহিলাৰ বিৰুদ্ধে তৰিলে গোচৰ

author img

By

Published : Nov 19, 2020, 5:52 PM IST

বালি মাফিয়াৰ বিৰুদ্ধে দিহিং কলঘৰ গাঁৱৰ পুৰুষ-মহিলাই প্ৰতিবাদ কৰিলেও ৰাইজৰ প্ৰতিবাদক সামান্যতমো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে । স্থানীয় ৰাইজে বালিৰ চিণ্ডিকেট বন্ধ কৰিবলৈ যোৱাৰ বাবেই ১৪ নবেম্বৰত বালি মাফিয়াই গাঁওখনৰ চাৰিগৰাকী মহিলাৰ বিৰুদ্ধে নিতাইপুখুৰী আৰক্ষী চকীত গোচৰ তৰে।

sand-mafia-terror-in-dihingmukh
দিহিংমুখত বালি মাফিয়াই চাৰি মহিলাৰ বিৰুদ্ধে তৰিলে গোচৰ

মৰাণ, 19 নৱেম্বৰ:মৰাণৰ সমীপৰ ডিমৌ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত তথা পানীদিহিং মৌজাৰ ঐতিহ্যমণ্ডিত দিহিংমুখত এতিয়া বালি মাফিয়াৰ উপদ্ৰৱত সাধাৰণ জনগণে আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। অভিযোগ অনুসৰি,দিহিং কলঘৰ গাঁৱৰ অনিল দলে নামৰ বালি মাফিয়াজনে অঞ্চলটোৰ দিহিং আৰু ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ পৰা বিগত দুমাহৰো অধিক সময় ধৰি অবৈধ ভাৱে বালি খনন কৰি দৈনিক হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আহিছে । যাৰ ফলত চৰকাৰে হেৰুৱাইছে হাজাৰ হাজাৰ টকাৰ ৰাজহ ।

ইফালে বালি মাফিয়াৰ বিৰুদ্ধে স্থানীয় দিহিং কলঘৰ গাঁৱৰ পুৰুষ-মহিলাই প্ৰতিবাদ কৰিলেও ৰাইজৰ প্ৰতিবাদক সামান্যতমো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে । স্থানীয় ৰাইজে বালিৰ চিণ্ডিকেট বন্ধ কৰিবলৈ যোৱাৰ বাবেই ১৪ নৱেম্বৰত বালি মাফিয়াই গাঁওখনৰ চাৰিগৰাকী মহিলাৰ বিৰুদ্ধে নিতাইপুখুৰী আৰক্ষী চকীত গোচৰ তৰে।

আনহাতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে,বছৰ বছৰ ধৰি যুৱকজনে দিহিং আৰু ব্ৰহ্মপুত্ৰ বুকুৰ পৰা অবৈধ বালি খনন কৰি আহিছে। এইদৰে বালি খনন চলি থাকিলে দিহিং কলঘৰ গাঁওখন নদীৰ বুকুত এদিন হেৰাই যোৱাৰো শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: দুই লাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব চৰকাৰেঃ কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.