ETV Bharat / state

মৰাণত ধনসহ আলফা সদস্য গ্ৰেপ্তাৰ - arrest

মৰাণহাট আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই চেপন তিনিআলিত এখন ট্ৰেভেলাৰৰ পৰা নগদ ধনসহ দিচাংমুখ আলিচিঙা গাঁৱৰ বিষ্ণু শৰ্মা নামৰ লোকজনক আটক কৰে ৷ ধৃত বিষ্ণু শৰ্মা আলফাৰ অভাৰ গ্ৰাউণ্ড সদস্য বুলি দাবী কৰিছে আৰক্ষীয়ে ৷ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰিছিল ধৃত শৰ্মাই ৷

মৰাণত ধনসহ আলফা সদস্য গ্ৰেপ্তাৰ
author img

By

Published : Mar 31, 2019, 1:50 AM IST

ডিব্ৰুগড়, 31 মাৰ্চঃ নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে শনিবাৰে মৰাণত নগদ 99,960 টকাসহএজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ মৰাণহাট আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই চেপন তিনিআলিত এখন ট্ৰেভেলাৰৰ পৰা নগদ ধনসহদিচাংমুখ আলিচিঙা গাঁৱৰ বিষ্ণু শৰ্মা নামৰ লোকজনক আটক কৰে ৷ ধৃত বিষ্ণু শৰ্মা আলফাৰ অভাৰ গ্ৰাউণ্ড সদস্য বুলি দাবী কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীৰ মতে আলফাৰঅভাৰ গ্ৰাউণ্ড সদস্য বিষ্ণু শৰ্মাই যোৱা ২ ফ্ৰেব্ৰুৱাৰীত মৰাণ ৰাইচ এণ্ড ফ্ল'ৰ মিলৰ স্বত্বাধিকাৰীক আলফাৰহৈ ধন দাবীকৰিছিল। ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীৰ পৰা এক লাখ টকা লৈ যাওঁতে আৰক্ষীৰ জালত পৰে সদস্যজন । ইপিনে ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীয়ে প্ৰথমেধন আদায়ৰ কথা অস্বীকাৰ কৰিছিলযদিও আৰক্ষীয়ে ধন দাবীপত্ৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মৰাণহাট আৰক্ষীয়ে ৩৬/১৯ ক্ৰমিক নম্বৰত একগোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি),১২১(এ)৩৮৭/ ধাৰাত বিষ্ণু শৰ্মাক গ্ৰেপ্তাৰ কৰি শনিবাৰে জিলা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰায় ৷অধিক সোধ-পোছৰ বাবে বিদ্ৰোহী সংগঠনৰ সদস্যজনক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

A_dib_30mrch_MORAN_ULFA_jesim 

মৰাণত নগদ ৯৯ হাজাৰ ৯ শ ৬০ টকাসহ আলফা সদস্যক গ্ৰেপ্তাৰ

  মৰাণহাট আৰক্ষীয়ে নিয়মিত তদন্ত অভিযানত এজন অভাৰ গ্ৰাউণ্ড আলফা সদস্যক ৯৯ হাজাৰ ৯ শ ৬০ টকা সহ এখন ট্ৰেভেলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনী বিধি অনুসৰি এজনলোকে লগত নগদ ৫০ হাজাৰ অধিক লৈ ফুৰিব নোৱাৰা অভিযোগত দিচাংমুখ আলিচিঙা গাঁৱৰ প্ৰয়াত পদ্ম শৰ্মাৰ পুত্ৰ বিষ্ণু শৰ্মা(৪১)ক এখন ট্ৰেভেলাৰ পৰা চেপন তিনিআলিত আটক কৰি সোধ-পোছ কৰোতে জোলোঙা মেকুৰী ওলাই পৰে। উল্লেখ্য যে  আৰক্ষীৰ মতে -আলফা অভাৰ গ্ৰাউণ্ডৰ সদস্য বিষ্ণু শৰ্মাই যোৱা ২ ফ্ৰেব্ৰুৱাৰীত মৰাণৰ মৰাণ ৰাইচ এণ্ড ফ্ৰ'ৰ মিলৰ স্বত্বাধিকাৰীক আলফাৰহৈ টকা দাৱী কৰিছিল। আৰু এক লাখ টকা উক্ত ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল প্ৰচাৰী পৰা লৈ যাওঁতে আৰক্ষী জালত পৰে।ইফালে ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীয়ে প্ৰথমে ঘটনাতো নহয় বুলি আৰক্ষী আগত মিছা মাতিজিল যদিও আৰক্ষীয়ে ধন দাৱী পত্ৰখন উদ্ধাৰ কৰাত সকলো কথা ওলাই পৰে । মৰাণহাট আৰক্ষীয়ে ৩৬/১৯ গোছৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি),১২১(এ)৩৮৭/ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি জিলা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰি অধিক সোধ-পোছৰ বাবে আৰক্ষী জিম্মাত আনিছে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.