ETV Bharat / state

বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ এবিভিপিৰ - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ

ৰঙিয়া আৰু টিংখাঙত আহোম জনগোষ্ঠীকলৈ সাম্প্ৰদায়িক মন্তব্য কৰা বিধায়ক আমিনুৰ ইছলামৰ বিৰুদ্ধে প্ৰতিমূৰ্তি দাহৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷

Rongia & Tingkhang ABVP Protest
বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ এবিভিপিৰ
author img

By

Published : Feb 14, 2020, 4:49 AM IST

ৰঙিয়া,13 ফেব্ৰুৱাৰী: সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত বিধায়ক আমিনুল ইছলাম । অসমৰ ইতিহাস নজনা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আহোমসকলক লৈ কৰা মন্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ বহু দল সংগঠন । ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত বৃহস্পতিবাৰে বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ কৰে ৰঙিয়া এবিভিপি ছাত্ৰ সংগঠনে । বিধায়ক আমিনুল ইছলাম মুৰ্দাবাদ, আমিনুল ইছলাম লেই লেই চেই চেই শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে ছাত্ৰ সংগঠনটোৱে । লগতে ভৱিষ্যতে বিধায়ক আমিনুল ইছলামক এনে উদ্ভট মন্তব্য নিদিবলৈ সঁকীয়নি দিয়ে এবিভিপিৰ সদস্যসকলে ৷

ৰঙিয়াত বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ এবিভিপিৰ

ইফালে টিংখাঙতো ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ দাবীত উত্তাল প্ৰতিবাদ । টিংখাঙৰ ৰাজগড়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাজগড় আঞ্চলিক সমিতিয়ে মৰাণ-নাহৰকটিয়া পথৰ ওপৰত বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূতি জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বিধায়ক আমিনুল ইছলামে আহোমক কৰা চৰম অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি কৈ বৰ অসম গঠন কৰা আহোম জাতিটোক চৰম অপমান কৰাৰ অধিকাৰ ক'ত পালে প্ৰশ্ন উত্থাপন কৰে ৷ লগতে ইতিহাস নজনা বিধায়ক ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অতি ভয়াবহ হ'ব আৰু ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ সঁকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

টিংখাঙত বিধায়ক আমিনুল ইছলামৰ প্ৰতিমূৰ্তি দাহ এবিভিপিৰ

লগতে পঢ়ক:কি হ'ব অসমীয়াৰ সংজ্ঞা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.