ETV Bharat / state

চৰকাৰলৈ বাট নাচাই শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ - থাওৰা বিধানসভা সমষ্টি

চৰকাৰৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷ মঙলবাৰে মৰাণৰ সমীপৰ 107নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত 1নং গঁড়ভগা গাঁৱৰ ৰাইজে শ্ৰমদানেৰে পথ নিৰ্মাণ কৰে ৷ গাঁৱখনৰ পুৰুষ-মহিলাৰ উপৰি কণমানি ছাত্ৰ-ছাত্ৰীয়ে এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

road-making-by-public-at-moran
চৰকাৰলৈ বাট নাচাই শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ
author img

By

Published : Feb 3, 2021, 7:36 AM IST

মৰাণ,3ফেব্ৰুৱাৰী:চৰকাৰৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷ মঙলবাৰে মৰাণৰ সমীপৰ 107নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত 1নং গঁড়ভগা গাঁৱৰ ৰাইজে শ্ৰমদানেৰে পথ নিৰ্মাণ কৰে ৷ গাঁৱখনৰ পুৰুষ-মহিলাৰ উপৰি কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে এই শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

চৰকাৰলৈ বাট নাচাই শ্ৰমদানেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

ইপিনে,ৰাইজৰ অভিযোগ,নিতাইপুখুৰী গাঁও পঞ্চায়তৰ অধীনৰ তথা নিতাইপুখুৰী-ডিমৌ সংযোগী পথৰ গঁড়ভগা পানীযোগান আঁচনিৰপৰা ১নং গঁড়ভগা গাঁৱলৈ যোৱা প্ৰায় ২ কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে শাসনাধিস্থিত বিজেপি দলৰ বিধায়ক কুশল দুৱৰীয়ে আজিপৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে নিজে শ্ৰমদান কৰি পথ নিৰ্মাণ কৰে ৷আনহাতে,সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক ধিক্কাৰ দি আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিব বুলিও ৰাইজে হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃ মুম্বাইত পুনৰ এনছিবিৰ অভিযান, গ্ৰেপ্তাৰ ৩ জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.