ETV Bharat / state

এবছৰ নহওঁতেই খহি পৰিল গড়কাপ্তানি পথৰ কালভাৰ্ট - পকী দলং

টিংখাঙৰ লেঙেৰীত এবছৰতে খহিল পথৰ কালভাৰ্ট । অতি শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী স্থানীয় ৰাইজৰ ।

Road culvert destroy at Tingkhang
এবছৰ পাৰ নহওঁতেই খহি পৰিল গড়কাপ্তানি পথৰ কালভাৰ্ট
author img

By

Published : Aug 1, 2020, 9:42 AM IST

টিংখাং, 1 আগষ্ট : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ লেঙেৰীত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা এবছৰ নহওঁতেই খহি পৰিল ডিব্ৰুৱাল গড়কাপ্তানি পথৰ কালভাৰ্ট । উল্লেখ্য যে, 2016-17 বৰ্ষত 71.81 লাখ টকা ব্যয়ৰে পথটো পুনৰ নিৰ্মাণ আৰু মেৰামতি বাবে সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত আধাৰশিলা কৰিছিল টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই ।

সেইমৰ্মে 2019 চনৰ মাজভাগত তপন দত্ত নামৰ ঠিকাদাৰজনে পথটোৰ কাম সম্পূৰ্ণ কৰিছিল । কিন্তু ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰে অতি নিম্নমানদণ্ডৰ সামগ্ৰীৰে পথটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ডিমৌ নদীৰ ওপৰত থকা কালভাৰ্টটোৰ বৃহৎ অংশ এটা তললৈ খহি পৰে । ইয়াকে লৈ চিন্তিত পৰিছে স্থানীয় ৰাইজ । কিয়নো উক্ত পথটোৰে দৈনিক বিভিন্ন যান-বাহন চলাচল কৰে ।

এবছৰ পাৰ নহওঁতেই খহি পৰিল গড়কাপ্তানি পথৰ কালভাৰ্ট

কালভাৰ্টটোৰ এটা অংশ খহি পৰাৰ ফলত মুহূৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুঘটনা । স্থানীয় ৰাইজে সেই ঠাইখিনিত এখন পকী দলং নিৰ্মাণৰ বাবে ওপৰ মহলাক আবেদন জনাইছিল যদিও তিনিটা সৰু কালভাৰ্ট বহুওৱাৰ বাবে খহি পৰা বুলি জানিবলৈ দিয়ে । ইয়াৰ ফলস্বৰূপে ডিমৌ নদীৰ পানী পাৰ হ’ব নোৱাৰি কাষৰীয়া পথাৰৰ ধান খেতি নষ্ট কৰি পেলাইছে । গতিকে অতি শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.