ETV Bharat / state

NSCN kidnapped Assam boy: চাৰিদিনে সন্ধান নাই অৰুণাচলৰ পৰা অপহৃত টিংখাঙৰ হীৰেন কোঁচৰ

author img

By

Published : Feb 3, 2022, 12:59 PM IST

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেন কোঁ‌চৰ পৰিয়ালত এতিয়া হাহাকাৰ । চাৰিদিনে সন্ধান নাই অৰুণাচলৰ পৰা এন এছ চি এনে অপহৰণ কৰি নিয়া হীৰেন কোঁচৰ(NSCN kidnapped Assam boy) ৷ পুত্ৰক সুস্থ শৰীৰে ঘৰলৈ ঘূৰাই পঠোৱাৰ আহ্বান মাতৃৰ ৷

Hiren Konch's home
চাৰিদিনে সন্ধান নাই অৰুণাচলৰ পৰা অপহৃত টিংখাঙৰ হীৰেন কোঁচৰ

মৰাণ, 3 ফেব্ৰুৱাৰী : অৰুণাচলৰ পৰা সন্দেহজনক এন এছ চি এন (কে) উগ্ৰপন্থীয়ে পথ নিৰ্মাণ কামত কৰ্মৰত তিনিজন যুৱকক অপহৰণ (Road construction employees kidnapped in Arunachal) কৰি নিয়া চাৰিদিন উকলি যোৱাৰ পাছতো তেওঁলোকৰ কোনো শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে । অপহৃত লোককেইজনৰ ভিতৰৰে এজন হীৰেন কোঁচৰ ঘৰ ডিব্ৰুগড়ৰ টিংখাঙত(Assam boy kidnapped in Arunachal) ।

হীৰেন কোঁচে বিগত প্ৰায় ৫ বছৰ ধৰি অৰুণাচলৰ লংদিঙত জে চি বি চালক হিচাপে কাম কৰি আছিল । তেওঁৰ লগত নিজ ভাতৃও আছিল । অৱশ্যে ভাতৃ বৰ্তমানো অৰুণাচলতে আছে । বিগত ৩১ জানুৱাৰী নিশা ৭ বজাত পত্নীৰ সৈতে শেষবাৰ বাৰ্তালাপ কৰিছিল হীৰেন কোঁচে । তাৰ পাছৰে পৰা হীৰেনৰ সৈতে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে ।

এই অপহৰণ কাণ্ড সন্দৰ্ভত হীৰেন কোঁচৰ পৰিয়ালৰ লোকে ইতিমধ্যে বৰবাম আৰক্ষী চকীত এজাহাৰ দিয়াৰো যো জা চলাইছে । ইফালে ঘৰখনৰ বৰপুত্ৰ হীৰেন কোঁচক মুকলি কৰি দিবলৈ উগ্ৰপন্থী সংগঠনটোৰ মাতৃয়ে কাতৰ আহ্বান জনোৱাৰ লগতে চৰকাৰক পুত্ৰক ঘৰলৈ সুস্থ শৰীৰে অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে(Hiren Koch Family reaction) ।

লগতে পঢ়ক : অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ, এজনক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.