ডিব্ৰুগড়, 2 জানুৱাৰীঃ ডিকমত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নৱবৰ্ষৰ প্ৰথম নিশাই সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ যায় এগৰাকী CRPF জোৱানৰ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিকম চাহ গৱেষণা সন্থা তিনিআলীত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ থিতাতে নিহত হোৱা CRPF জোৱান জন দিনেন্দ্ৰ সিনহা বুলি চিনাক্ত কৰা হৈছে ৷
এখন AS-06U-1813 নম্বৰৰ XUV500 গাড়ীয়ে WB-74AT-9124 নম্বৰৰ এখন স্কুটিক মহতিয়াই নিয়াৰ ফলতেই ঘটনাস্থলীতে স্কুটিখনৰ আৰোহী CRPF জোৱানজনৰ মৃত্যু হয় । চাবুৱাৰ পৰা নিশা ডিব্ৰুগড়ৰ শিবিৰলৈ আহি আহিছিল দিনেন্দ্ৰ সিনহা ৷ CRPF জোৱান জনৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় নগৰৰ CRPFৰ 171 নং বেটেলিয়নত কৰ্মৰত আছিল জোৱানজন ৷
আনহাতে ডাক্তৰ নৱজ্যোতি গগৈৰ নামত পঞ্জীয়ন থকা XUV 500 বাহনখনত পাঁচজন আৰোহী থকা বুলি জানিব পৰা গৈছে । ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ ৰাষ্ট্ৰীয় ঘাইপথতে এৰি আন এখন বাহনেৰে পলায়ন কৰে আৰোহী কেইজনে। সন্দেহ কৰা মতে,বাহনখনৰো তিনিজন আৰোহী আহত হৈছে। কিন্তু নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষী অথবা 108ক খবৰ নিদি সংকটজনক অৱস্থাত CRPF জোৱানজনক তেনেকৈয়ে মৃত্যুৰ মুখলৈ এৰি আৰোহী কেইজনে পলায়ন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলৰ মাজত ৷
- লগতে চাওক- সংকটত এজন ক্ৰিকেটাৰৰ কেৰিয়াৰ