ETV Bharat / state

অসমৰ এটা চেনেলে কেতিয়াও কংগ্ৰেছৰ ভাল কথা নকয়: ৰিপুণ বৰা

ৰাজ্যৰ এটা চেনেলে কেতিয়াও কংগ্ৰেছৰ ভাল কথা নকয় ৷ এটা বিশেষ ছেটেলাইট চেনেলে বাতৰি বিকৃত কৰাৰ অভিযোগ ৰিপুণ বৰাৰ ৷

author img

By

Published : Jan 2, 2021, 2:41 PM IST

Updated : Jan 2, 2021, 8:53 PM IST

ৰিপুণ বৰা
ৰিপুণ বৰা

মৰাণ,2 জানুৱাৰী: বিশেষ কাৰ্যসূচী লৈ শনিবাৰে ডিব্ৰুগড়ৰ চাবুৱাত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ বৰাৰ আগমনক কেন্দ্ৰ কৰি উৎসাহিত হৈ পৰে দলীয় নেতা-কৰ্মীসকল ৷ ৰিপুণ বৰা চাবুৱাত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মীসকলে বিপুল আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীক ৷ ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি ৰাজ্যৰ এটি ছেটেলাইট চেনেলক কঠোৰ সমালোচনা কৰে ৷ ব্যক্তিগত চেনেলটোৱে ৰাজ্যবাসীৰ সন্মুখত কংগ্ৰেছৰ ভাৱমূৰ্তি বিকৃত কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰিপুণ বৰাই ৷

অসমৰ এটা চেনেলে কেতিয়াও কংগ্ৰেছৰ ভাল কথা নকয়: ৰিপুণ বৰা

বৰাই কয় যে, উক্ত চেনেলটোৱে কেতিয়াও দলটোৰ কথা ভালদৰে প্ৰচাৰ নকৰে ৷ দলটোৰ যিকোনো বিষয়বস্তুৰ পৰা ফালৰি কাটি বাতৰি বিকৃত ৰূপত পৰিৱেশন কৰা বুলিও নিৰ্দিষ্ট চেনেলটোৰ সাংবাদিকগৰাকীক কঠোৰ বাক্যবাম প্ৰয়োগ কৰে ৷ ইয়াৰ উপৰিও মাইক্ৰফাইনেঞ্চৰ সন্দৰ্ভতো কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে চাওকঃ জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

Last Updated : Jan 2, 2021, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.