মৰাণ, 3 জানুৱাৰী : বাঘজান কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লাইকা-দধিয়াবাসীয়ে পুনৰ সংস্থাপনৰ দাবীত বিগত কেইবাদিনো ধৰি কৰি আহিছে অৱস্থান ধৰ্মঘট ৷ কিন্তু তাৰপিছতো এইসকল ৰাইজৰ খবৰ ল’বলৈ যেন আহৰিয়ে নাই ৰজাঘৰীয়াৰ ৷ অন্যান্য ভিন্ন সমস্যাৰ উপৰিও খহনীয়াত সৰ্বস্বান্ত লাইকা-দধিয়াবাসী আজিও হৈ ৰৈছে অৱহেলিত ৷ শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা দল উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজৰ সৈতে ধৰ্মঘটত অংশ লয় ৷
উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ বৰাই প্ৰতিবাদস্থলীৰ পৰাই ৰাজ্যত শাসনভাৰ চম্ভালি থকা গেৰুৱা দলটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷ বিজেপি চৰকাৰে খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান কৰাৰ বিপৰীতে দলীয় কৰ্মীসকলকহে এই সুবিধা প্ৰদান কৰা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ লগতে এই অঞ্চলৰ লোকসকলৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে বোকা ছটিওৱাৰ ৰাজনীতিত দলটো ব্যস্ত থকা বুলি ৰিপুণ বৰাই উল্লেখ কৰে ৷
লগতে চাওকঃ জুক’ ভেলীৰ বনজুই নিয়ন্ত্ৰণৰ বাবে বাম্বি বাকেট অভিযান বায়ুসেনাৰ