ETV Bharat / state

অধ্যয়ন বিপ্লৱ আৰু গ্ৰাম্য পুথিভঁৰালৰ প্ৰাসংগিকতা

author img

By

Published : Aug 3, 2021, 8:22 AM IST

বিশ্বায়নৰ প্ৰভাৱত অসমৰ সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই যাবলৈ লৈছে গ্ৰাম্য পুথিভঁৰাল অথবা ৰাজহুৱা পুথিভঁৰালৰ ধাৰণা ৷ পিছে সময় আকৌ সলনি হৈছে ৷ নৱ-প্ৰজন্মই বুজি উঠিছে অধ্যয়নৰ গুৰুত্ব এই সময়ত আকৌ প্ৰাসংগিক হৈ পৰিছে গ্ৰাম্য পুথিভঁৰাল অথবা, ৰাজহুৱা পুথিভঁৰালৰ ধাৰণা ৷

revival of village book library in chabua assam
অধ্যয়ন বিপ্লৱ আৰু গ্ৰাম্য পুথিভঁৰালৰ প্ৰাসংগিকতা

মৰাণ, 3 আগষ্ট : একালত অসমৰ গাঁৱে-ভূঞে সহজে দেখিবলৈ পোৱা গৈছিল একোটাকৈ পুথিভঁৰাল ৷ গাঁৱৰ যুৱক-যুৱতী তথা উদ্যোমী ব্যক্তি সকলৰ নেতৃত্বত গঢ় লৈ উঠা এই পুথিভঁৰাল সমূহেই বহু লোকৰ জীৱন সলনি কৰি দিছিল ৷ এক কথাত অসমীয়া জাতিয়ে সুদৃঢ়ভাৱে চলাই ৰখা অধ্যয়নৰ আন্দোলনৰ এক উদাহৰণ আছিল এই গ্ৰাম্য পুথিভঁৰাল সমূহ ৷ পিছে সময়ৰ সোঁতত একালৰ আপোনাৰ মোৰ অতিকৈ আদৰৰ এই গ্ৰাম্য পুথিভঁড়াল সমূহ হেৰাই যাবলৈ ধৰিলে ৷

বিশ্বায়নৰ প্ৰভাৱত অসমৰ সমাজ জীৱনতো সংপৃক্ত হৈ পৰিল চেটেলাইট টেলিভিছন কিম্বা চছিয়েল নেটওৱৰ্কিং চাইট সমূহ ৷ হাতৰ টিপতে উপলব্ধ বিশ্বৰ খবৰ অথবা সীমাহীন মনোৰঞ্জনৰ দুৱাৰ খোল খালে অসম মুলুকৰ চহা ৰাইজৰ বাবেও ৷ লগে লগে যেন এক কথাত গুৰুত্বহীন হৈ পৰিল গ্ৰাম্য পুথিভঁৰাল সমূহ ৷ পিছে সময় আকৌ সলনি হৈছে নৱ-প্ৰজন্মই বুজি উঠিছে অধ্যয়নৰ গুৰুত্ব ৷

নৱপ্ৰজন্মই আৰম্ভ কৰা অধ্যয়নৰ এই আন্দোলনৰ এটা স্পষ্ট আভাস পোৱা গৈছিল চলিত বৰ্ষৰ উত্তৰ-পূৱ গ্ৰন্থ মেলা(Northeast book fair)ত সৃষ্টি হোৱা কিতাপ বিক্ৰীৰ অভিলেখৰ মাজত ৷ বহুকেইজন নৱ-প্ৰজন্মৰ লিখকৰ গ্ৰন্থই সমাদৰ লাভ কৰিছিল এইবেলিৰ গ্ৰন্থমেলাত ৷ অধ্যয়নৰ বিপ্লৱ(study revolution)ৰ এই উত্তৰণৰ মাজতে অহা এটা ভালখবৰে এতিয়া উৎসাহিত কৰি তুলিছে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ গ্ৰন্থপ্ৰেমী ৰাইজকো ৷

চাবুৱাৰ সামাজিক, ক্ৰীড়া, সাংস্কৃতিক, শিক্ষা আদি ভিন্ন ক্ষেত্ৰত সক্ৰিয়ভাৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ত্ৰিনয়ন জ্যোতি সংঘই লৈ আহিছে এই ভালখবৰ । শেহতীয়াকৈ, এই সংঘৰ সদস্য সকলে এটা ৰাজহুৱা পুথিভঁৰাল মুকলি কৰিছে । উদ্যমী লোকসকলৰ এই প্ৰচেষ্টাক সহাঁৰি জনাই চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ফিটা কাটি শুভাৰম্ভ কৰিলে এই বিশেষ পুথিভঁৰালটো ৷ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত ইতিহাস হৈ পৰা ৰাজহুৱা পুথিভঁৰালক পুনৰুজ্জীৱিত কৰিবলৈ কৰা এই চেষ্টাক এতিয়া অঞ্চলটোৰ ৰাইজে শলাগ লোৱা দেখা লৈছে ।

লগতে পঢ়ক : আছুৰ প্ৰতিনিধি দলে বুজ ল'লে অসম-মিজোৰাম সীমান্ত পৰিস্থিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.