ETV Bharat / state

অচিন মুখৰ এটি চিনাকি হাঁহি - লুইত

লুইতৰ বুকুত সুৰ বিচাৰি ফুৰে তেওঁ ৷ ঢৌৰ কথা,চৰাইৰ কলৰৱ শুনি ভাল পায় তেওঁ ৷ যি শব্দৰ প্ৰেৰণাৰে তেওঁ ৰচি গৈছে এটাৰ পাচত আনটো বনগীত ৷ কোন তেওঁ ?

পদ্ম দাস
পদ্ম দাস
author img

By

Published : Sep 18, 2020, 3:47 PM IST

ডিব্ৰুগড়, 18 ছেপ্তেম্বৰ: ষাঠিৰ দশকৰ পৰাই বনগীত সাধনাৰে অসমত পৰিচিত হৈ পৰা শিল্পী পদ্ম দাস ৷ প্ৰকৃতিৰ নিভাজ সৌন্দৰ্যত মত্ত শিল্পী গৰাকীয়ে বৰ্তমানলৈ সহস্ৰাধিক বনগীতত সুৰ প্ৰদান কৰিছে ৷ প্ৰকৃতিৰ নান্দনিকতাই তেওঁক প্ৰেৰণা প্ৰদান কৰিছে হেজাৰ গীতত সুৰ ঢালিবলৈ ৷ ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা লুইতৰ পাৰৰ অমৰাগুৰী গাঁওখন তেওঁৰ বাৰুকৈয়ে প্ৰিয় ৷ দিনটোৰ কোনোবা এটা প্ৰহৰত প্ৰতিদিনেই তেওঁৰ যাত্ৰা অব্যাহত থাকে গাঁৱৰ দাঁতিৰ চিৰ প্ৰৱাহমান মহাবাহুৰ পাৰলৈ ৷ প্ৰতিদিনেই তেওঁৰ জন্মস্থান অমৰাগুৰীত থকা লুইতৰ পাৰত বিচাৰি যায় নতুনৰ উৎস ৷

অচিন মুখৰ এটি চিনাকি হাঁহি

জীৱনৰ আশীটা বছৰ গৰকা শিল্পী গৰাকী বৰ্তমানেও চিৰ সেউজ তেওঁৰ কীৰ্তি সমূহৰ বাবে ৷ আনন্দিৰাম দাস, লীলা গগৈ, হেম বুঢ়াগোঁহাই, ৰিপুনাথ বুঢ়াগোঁহাই, মাণিক দাস, অম্বেশ্বৰ চেতিয়া ফুকন আদিৰ দৰে খ্যাতনামা গীতিকাৰৰ কথাত সুৰ প্ৰদান কৰাৰ লগতে এহেজাৰৰো অধিক বনগীতত সুৰ কৰি অসমীয়া সংস্কৃতিৰ ভেঁটি চহকী কৰাত অনবদ্য অৱদান আগবঢ়াইছে ৷ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু পুৰোধা ব্যক্তিৰ সান্নিধ্য লাভ কৰা অন্যতম মহীৰূহ গৰাকীয়ে নিজৰ সন্তানকো প্ৰদান কৰিছে শিল্পীসুলভতা ৷ তেওঁৰ সতে বহু সময়ত মঞ্চত একেলগে বাদ্যযন্ত্ৰী হিচাপে নিজৰ শিল্পীসুলভতাক প্ৰকাশ কৰিছে পুত্ৰই ৷

প্ৰৱাহমান মহাবাহুৰ বুকুত সুৰ বিচাৰি পায় শিল্পী গৰাকীয়ে

নিজৰ সাধনা আৰু অমৰ সৃষ্টিৰাজিৰ বাবে তেওঁক ৰাজ্যিক পৰ্যায়ত বহু সন্মানৰ লগতে ৰাজ্য চৰকাৰেও সন্মানিত কৰিছে শিল্পী পেঞ্চনেৰে । 500 ৰো অধিক সম্বৰ্ধনা, সন্মানৰে বিভূষিত শিল্পীগৰাকী সম্প্ৰতি কিছু অসুস্থ ৷ মাজে সময়ে নৰীয়াই তেওঁৰ সৃষ্টি সাধনাত প্ৰভাৱ পেলাইছে যদিও, সেই সোণোৱালী দিন, প্ৰাণ জীপাল কৰা বনগীতবোৰ সুঁৱৰি তেওঁ আজিও সাহসী ৷

লগতে পঢ়ক: আটলান্টিক মহাসাগৰৰ পৰা মঞ্চলৈ টাইটানিক অনা মানুহজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.