ডিব্ৰুগড়, 15 ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হ’ল এক জঘন্য ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় (Sexual harassment in Dibrugarh) ৷ এইবাৰ ধনৰ লালাসা দেখুৱাই নাবালিকাক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল অভিযুক্ত অনুকুল গগৈ ৷ অভিযোগ অনুসৰি, ডিব্ৰুগড়ত ধৃত বিবাহিত পুৰুষ অনুকুল গগৈৰ কামনাৰ বলি হৈছিল দুই নাবালিকা ৷
তথ্য অনুসৰি, সপ্তম আৰু দশম শ্ৰেণীত অধ্যয়নৰত দুই নাৱালিকাক ধৰ্ষণ কৰে অনুকুল গগৈ নামৰ অভিযুক্তটোৱে । এই কথা ভুক্তভোগী নাবালিকা কেইগৰাকীয়ে এসপ্তাহৰ পূৰ্বেহে অৱগত কৰে পৰিয়ালৰ লোকক ৷ তাৰ পাচত বুধবাৰে ভুক্তভোগীৰ পৰিয়ালৰ লোকে কাষ চাপে বৰবৰুৱা আৰক্ষীৰ ৷
আৰক্ষীৰ তৎপৰতাত নিশাই আটক কৰা হয় অভিযুক্ত অনুকুল গগৈক (Rape accused arrested in Dibrugarh) ৷ তথ্য অনুসৰি, ধৃত অনুকুল গগৈক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে কাৰাগাৰলৈ প্ৰেৰণৰ যো-জা চলাইছে বৰবৰুৱা আৰক্ষীয়ে ।
লগতে পঢ়ক : Rape case in Nalbari: বন্ধুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ