ETV Bharat / state

ডিব্ৰুগড়ত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত... - বিহু

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ বাবে সাজু অসমবাসী ৷ ডিব্ৰুগড়তো আৰম্ভ বিহুৰ আখৰা ৷ বিহুৰ প্ৰস্তুতিক লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

rangali-bihu-preparation
ৰঙালী বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 2, 2021, 9:20 PM IST

মৰাণ,2 এপ্ৰিল : ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মাজতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ বাবেও সাজু হৈ উঠিছে অসমবাসী ৷ নিৰ্বাচনৰ মাজতে ৰাজ্যৰ চুকে-কোণে অসমীয়া ৰাইজে আৰম্ভ কৰিছে বিহুৰ প্ৰস্তুতি ৷

নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশৰ মাজতে আহিছে অসমীয়া জাতীয় জীৱনৰ আয়ুস স্বৰূপ অতিকৈ চেনেহৰ বহাগ বিহু । ৰঙালীক আদৰাৰ বাবে আৰম্ভ কৰা হৈছে বিহুৰ আখৰা ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় উজনিৰ ডিব্ৰুগড় বাসীও । নগৰীয়া ব্যস্ততাৰ মাজতে প্ৰাণৰ আপোন বহাগৰ বিহুটিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে এতিয়া লুইতৰ পাৰৰ বৰ চহৰ ডিব্ৰুগড়ত ।

ৰঙালী বিহুৰ প্ৰস্তুতি

‘বৰ বিহুৱা’ হিচাপে সমগ্ৰ অসমত খ্যাতি লাভ কৰা জিতেন দাসে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ টেকেলা গাঁৱৰ বৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত ডেকা-গাভৰু, চেমনীয়া, কণ কণ শিশু-কিশোৰক লৈ চলাইছে বিহু নৃত্যৰ লয়-লাস, ঢোলৰ চেও, পেঁপা-গগনা, বাঁহীৰ সুৰ তোলাৰ পাৰম্পৰিক, ঐতিহাসিক ধাৰা অক্ষুন্ন ৰাখি আনুষ্ঠানিক শিক্ষাৰ বিহুৰ আখৰা ।

এই আখৰাত ভাগ লৈছে দুশৰো অধিক শিশু-কিশোৰ, চেমনীয়া, ডেকা-গাভৰুৱে । অৱশ্যে বিগত বছৰৰ ডিচেম্বৰ মাহৰ পৰাই বিহুৰ বাবে এইদৰে আখৰা অব্যাহত ৰখা জিতেন দাসে এতিয়া বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ বাবে আখৰা তীব্ৰতৰ কৰি তুলিছে ৷ বিহুৰ স্বকীয় বৈশিষ্ট, পৰম্পৰা অক্ষুন্ন ৰাখি বিভিন্ন বিহু মঞ্চৰ অনুষ্ঠানৰ বাবেও জিতেন দাসে প্ৰস্তুত কৰি তুলিছে এইসকল উঠি অহা অসমীয়াক । জিতেন দাসৰ কৃষ্টি পথাৰৰ এই সাধনাক আখৰাত অংশ লোৱা শিশু-কিশোৰেও প্ৰশংসাৰে দিছে সমাদৰ ।

বিগত বহু বছৰ ধৰি এইদৰে ‘বসন্ত কোঁৱৰ’ সন্মানেৰে বিভূষিত তথা বিহু সুৰক্ষা সমিতি অসমৰ ‘ঘাই বিহুৱা’ হিচাপে খ্যাত জিতেন দাসে অব্যাহত ৰখা এই সাধনাত জিতেন দাসৰ পত্নী পঞ্চি দাসসহ পৰিয়ালৰ সহযোগিতাও উল্লেখনীয় ।

লগতে পঢ়ক : প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.