ETV Bharat / state

চিৰিংচাপৰিত ৰঙালী বিহুৰ প্ৰস্তুতি তুংগত - চিৰিংচাপৰিত বিহুৰ প্ৰস্তুতি

ডিব্ৰুগড়ৰ চিৰিংচাপৰিত ৰঙালী বিহুৰ আখৰাৰ সমাপ্তি ৷ ঢোল, পেঁপা, বাহীৰ মাতেৰে ৰজনজনাই উঠিছে চিৰিংচাপৰি ৷

bihu-preparation-at-chiringchapori
চিৰিংচাপৰিত ৰঙালী বিহুৰ প্ৰস্তুতি
author img

By

Published : Apr 5, 2021, 10:40 AM IST

Updated : Apr 5, 2021, 2:14 PM IST

মৰাণ,5 এপ্ৰিল : ঢোল, পেঁপা, বাঁহীৰ মাতত উদুলি-মুদুলি হৈ পৰিছে ডিব্ৰুগড়ৰ চিৰিংচাপৰি ৷ কিয়নো পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৷

দেওবাৰে ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ জেউতি মৰল সংঘৰ বাকৰিত বিহু সুৰক্ষা সমিতি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত 1 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা বিহুনাচ আৰু বিহুনামৰ কাৰ্যসূচীৰ অন্ত পৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ দুই শতাধিক নাচনী আৰু বিহুৱাই ।

চিৰিংচাপৰিত ৰঙালী বিহুৰ প্ৰস্তুতি

বিহু সুৰক্ষা সমিতিৰ উদ্যোক্তাই সংবাদ মাধ্যমক জনোৱা মতে, বিহুৰ যি পৰম্পৰা তাক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ বিহু সুৰক্ষা সমিতিয়ে সদায় চেষ্টা অব্যাহত ৰাখি আহিছে । বিহু আখৰা অনুষ্ঠানত বিহুনাচ প্ৰশিক্ষণ প্ৰদান কৰে ডিব্ৰুগড়ৰ বিহুৱতী পৰশমনি গোঁহাই দিহিঙীয়া আৰু বৰষা সোণোৱালে । অনুষ্ঠানত উপস্থিত থাকে বিহু সুৰক্ষা সমিতিৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ভালেসংখ্যক বিষয়ববীয়া ৷

লগতে পঢ়ক : সৰুক্ষেত্ৰীত ব্যাপক নিৰ্বাচনী হিংসা

Last Updated : Apr 5, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.