মৰাণ, 17 জুন : বিগত সৰ্বানন্দ সোণোৱাল চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত আদৰ্শ বিদ্যালয়(Model School) স্থাপনৰ বাবে এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছিল । সেই আঁচনি অনুসৰি মৰাণৰ বহু কেইখন চাহ বাগিচাত ইতিমধ্যে আদৰ্শ বিদ্যালয়(Model School) নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।
![Model School](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12161554_801_12161554_1623910719909.png)
বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameshwar Teli)য়ে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈ(MLA Chakra Gogoi)ক লগত লৈ মৰাণৰ তিলৈজান চাহ বাগিচা(Tiloijan Tea Garden)ত নিৰ্মীয়মান আদৰ্শ বিদ্যালয়(Model School)সমূহ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ।
![Model School](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12161554_687_12161554_1623910673612.png)
নিৰ্মীয়মান আদৰ্শ বিদ্যালয়ৰ পৰিদৰ্শনৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বামুণবাৰী চাহ বাগিচা(Bamunbari Tea Garden), লেপেটকটা চাহ বাগিচা(Lepetkata tea garden) আদি কেইবাখনো চাহ বাগিচাত ক'ভিড পৰিস্থিতিৰ বুজ লয় ৷
লগতে পঢ়ক : জন্মদিন পালনৰ ধন সাহায্য পুঁজিলৈ আগবঢ়ালে কণমাণি জাহ্নৱীয়ে