মৰাণ, ৪ অক্টোবৰ : 'কা' বিৰোধী ৭০ সংগঠনৰ ঔৰসত ২ অক্টোবৰত জন্ম লাভ কৰিছিল 'ৰাইজৰ দল' ৷ এই দলৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে লোহিত গগৈ আৰু মহেন্দ্ৰ দিহিঙীয়াক আজি উজনি অসমৰ মৰাণত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।
চেপনৰ পৰা বাইক ৰেলী কৰি মাহমৰা সমষ্টিৰ কাকতিবাৰী লোহিত গগৈৰ বাসগৃহলৈকে বিভিন্ন দল সংগঠনে এক ৰেলী উলিয়ায় । মৰাণৰ মাজ-মজিয়াৰ শিৱ মন্দিৰৰ সন্মুখত মৰাণ-কাকতিবাৰী-সোণাৰি সংযোগী পথত দুয়োজন নেতাক মৰাণৰ বিভিন্ন দল সংগঠনে ফুলাম গামোছাৰে উষ্ম আদৰণি জনায়।
উল্লেখ্য় যে, নেতা দুজনে বিজেপিৰ চৰম শোষণ আৰু প্ৰতাৰণা, প্ৰবঞ্চনা আৰু সীমাহীন দুৰ্নীতিৰ বিৰুদ্ধে ভূমিষ্ঠ হোৱা ৰাইজৰ দলটোক ২০২১ চনত নিৰ্বাচনৰ জৰিয়তে মৰম আৰু আৰ্শীবাদ দিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: মাস্কৰ পৰিৱৰ্তে কাগজ-মোনাৰে কেমেৰাৰ আগত ঢাকিলে নাক