ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰকাণ্ড অজগৰ

author img

By

Published : May 3, 2020, 12:09 PM IST

ৰাজ্যৰ অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ লগতে লক্ ডাউনৰ বাবে জনশূণ্য হৈ ৰৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ো ৷ সকলোকে আচৰিত কৰি লক্ ডাউনৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাথৰুমৰ ভিতৰত ওলাল এডাল প্ৰকাণ্ড অজগৰ ৷ পিছত বন বিভাগৰ লোক উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি প্ৰেৰণ কৰে ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চললৈ ৷

python rescued at dibrugarh university bathroom
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বাথৰুমৰ ভিতৰত এডাল প্ৰকাণ্ড অজগৰ

ডিব্ৰুগড়,2 মে'ঃ লক্ ডাউনৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাথৰুমত ওলাল প্ৰকাণ্ড অজগৰ ৷ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বাথৰুমত ওলাল প্ৰায় দহ ফুট দীঘল বৃহৎকায় অজগৰ ৷ লক্ ডাউনৰ মাজত নিজান হৈ পৰা বিশ্ববিদ্যালয়খনৰ জনশূণ্য অৱস্থাৰ বাবেই অজগৰডাল এইদৰে প্ৰৱেশ কৰা বুলি ধাৰণা কৰে বন বিভাগে । শনিবাৰে বিভাগটোৰ নিৰাপত্তাৰক্ষীয়ে বাথৰুমৰ ভিতৰত শব্দ শুনাৰ পাছত দুৱাৰ খুলি প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰডাল। পাছত বন বিভাগৰ লোক উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি এৰি দিয়ে ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চলত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.