ETV Bharat / state

নিশা ৰাজপথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা চাউলখোৱালৈকে থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি অসন্তুষ্ট হ'ল গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা বিষয়াক মাতি আনি মুখামুখি প্ৰশ্ন মন্ত্ৰী গৰাকীৰ ৷

নিশা ৰাজপথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Sep 17, 2019, 1:33 PM IST

ডিব্ৰুগড়, 17 চেপ্তেম্বৰঃ মাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত গড়কাপ্তানি ডঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এইবাৰ শিক্ষকক নহয়, গড়কাপ্তানি অভিযন্তাক ধমকি মন্ত্ৰী গৰাকীৰ ৷ সোমবাৰে তিনিচুকীয়াত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ আৰ্ৱত ভৱনত নিশা কটোৱাৰ প্ৰাক মুহূৰ্তত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা চাউলখোৱালৈকে থকা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ তাৰ পাছতেই নিজ হাতে আধাৰশিলাৰ স্থাপন কৰা পথটোৰ নিৰ্মাণক লৈ অসন্তুষ্ট হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সেয়ে নিশাই ডিব্ৰুগড়ৰ ৰাজপথত পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা বিষয়াক মাতি আনি মুখামুখি প্ৰশ্ন মন্ত্ৰী গৰাকীৰ ৷ লগতে পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰক কিমান দিনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰি পাৰিব সেয়া ষ্টাম্প পেপাৰত চহী কৰোৱাই লোৱাৰ নিৰ্দেশ দিলে ৷

নিশা ৰাজপথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ৰাইজে দীৰ্ঘদিন ধৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ বাবে আন্দোলন কৰি অহাৰ পাচতো কোনো গুৰুত্ব দিয়া নাছিল বিভাগীয় কৰ্তৃপক্ষই । কিন্তু চাউলখোৱাত মুখ্যমন্ত্ৰীৰ কনভয় ৰাজপথত আৱদ্ধ হৈ পৰাৰ পাছতেই হুৱা দুৱা লাগিছিল গড়কাপ্তনি বিভাগত ৷

ইয়াৰ পাছতেই 2018 চনৰ 16 চেপ্তেম্বৰত মুখ্যমন্ত্ৰীসহ গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথটোৰ আধাৰশিলা স্থাপন কৰি 2019 ৰ 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি ডেডলাইন ঘোষণা কৰিছিল ৷ প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণৰ বাবে 32 কোটি 29 লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু কাৰ্যত সময়মতে পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল ৷ এইবাৰ পথটো পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিছে ৷

Intro:Slug:-Dib PWD Himanta
মাজনিশা পুনৰ ৰাজপথত নামিল গড়কাপ্তনি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।তিনিচুকীয়াৰ এক কাৰ্যসূচীৰ বাবে উজনি লৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তনি বিভাগৰ বিষয়ববীয়াক লৈ ডিব্ৰুগড়ৰ ৰাজপথত নামিল মাজনিশা।মাজনিশা ধমক বিষয়াক।নিৰ্মাণৰ পৰিকল্পনাত থকা পথৰ দৈৰ্ঘ্য, হিচাপ ভালকৈ দিব নোৱাৰাক লৈ বিষয়াৰ ওপৰত তীব্ৰ অসন্তুস্তি গড়কাপ্তানি মন্ত্ৰীৰ।অভিযন্তাক বেয়াকৈ থকা সৰকা।অভিযন্তাই ভালকৈ নিৰ্মাণৰ বিষয়বোৰ ক'ব নোৱাৰাত,অভিযন্তাক আধা ঘন্টা ক্লাছ ল'বলৈ বিষয়াক নিৰ্দেশ হিমন্তৰ।অভিযন্তাৰ মানদণ্ডক কঠোৰ সমালোচনা।ক'লে এনেবোৰ কাৰণতে আজিকালি অভিযন্তাক মানুহে গুৰুত্ব নিদিয়ে।
লগতে পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰক কিমান দিনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰি দিব ষ্টাম্প পেপাৰত চহী কৰোৱাই লোৱাৰ ব্যৱস্থাৰ নিৰ্দেশ হিমন্তৰ।

উল্লেখ যে
ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা চাউলখোৱালৈকে সূচনীয় হৈ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা বৰ্তমানেও নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই।এই পথচোৱাৰ আধাৰশিলা 2018বৰ্ষৰ 16 চেপ্তেম্বৰত মুখ্যমন্ত্ৰী সহ,হিমন্তই কৰি 2019 ৰ 31 মাৰ্চত সম্পূৰ্ণ হৈ উঠিব বুলি ডেডলাইন ঘোষণা কৰিছিল।

ইফালে ইয়কে লৈ
ৰাতিটো ডিব্ৰুগড়ৰ আৰ্বতভৱনত কটোৱাৰ পাক মুহূৰ্তত মন্ত্ৰী গৰাকীয়ে নিশা ৰাষ্ট্ৰীয় ঘাইপথচোৱা পৰিদৰ্শন কৰে। উল্লেখ্য যে, প্ৰায় ২০ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথচোৱাৰ ৩২ কোটি ২৯ লাখ টকাৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা লোৱা হৈছিল।আধাৰশিলা স্থাপন কৰিয়েই ঘোষণা কৰা 31 মাৰ্চত সম্পূৰ্ণ কৰিতোলাৰ ঘোষণামতে পথ সম্পূৰ্ণ হৈ নুঠিল।ডিব্ৰুগড় বাসী ৰাইজে দীৰ্ঘদিন ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণৰ বাবে আন্দোলন কৰি অহাৰ পাছতো কোনো গুৰুত্ব দিয়া নাছিল বিভাগীয় কৰ্তৃপক্ষই ।অৱশেষত চাউলখোৱাত মুখ্যমন্ত্ৰীৰ কনভয় ৰাজপথত আৱদ্ধ হৈ পৰাত হোৱা- দোৱা লাগিছিল গড়কাপ্তনি বিভাগত।ইয়াৰ পাছতে 32কোটি টকাৰে আধাৰশিলা কৰি 2019ৰ মাৰ্চ মাহতে সম্পূৰ্ণ হ'ব বুলি সদম্ভে ঘোষণা কৰিছিল যদিও ঠিকাদাৰ আৰু অকমন্য গড়কাপ্তনি বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে।যোৱা নিশা লেপেটকটা পৰা চাওলখোৱালৈকে বিভিন্ন স্থানত পৰিদৰ্শন কৰি বিভাগীয় বিষয়া সকলকো ধমক দিয়ৈ মন্ত্ৰী গৰাকীয়ে।এইবাৰ আগন্তুক নবেম্বৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ হৈ উঠাৰ কথা জনাইছে মন্ত্ৰী গৰাকীয়ে।

লগতে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈকেও ৰাষ্ট্ৰীয় ঘাইপথচোৱা উন্নত কৰাৰ বিষয়ত বিষয়াৰে আলোচনা।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.