ETV Bharat / state

Poor road communication in Moran: মৰাণ সমষ্টিত বিধ্বস্ত পথে জীয়াতু ভোগাইছে ৰাইজক

মৰাণৰ সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ দিয়া ৰাইজৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । মৰাণৰ জটিয়নীত বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক । লোকসভা নিৰ্বাচনৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ।

Dilapidated road in Moran
মৰাণৰ বিধ্বস্ত যাতায়াত ব্যৱস্থা
author img

By

Published : Jul 29, 2023, 2:10 PM IST

মৰাণৰ বিধ্বস্ত যাতায়াত ব্যৱস্থা

মৰাণ,২৯ জুলাই:পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত এতিয়া ৰাজ্যত চৌদিশে উন্নয়ণৰ ৰঙীণ বিজ্ঞাপন প্ৰচাৰ হৈছে । কিন্তু তেনে সময়ত বিধ্বস্ত যাতায়াত ব্যৱস্থাই জ্বলা-কলা খুৱাইছে মৰাণৰ ১ নং জটিয়নী গাঁৱৰ ৰাইজক । গাঁৱৰ মূল পথটো বিধ্বস্ত হোৱাত পথৰ নিৰ্মাণৰ দাবীত বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বৃদ্ধি পাইছে ৷

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ গজপুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং জটিয়নী গাঁৱৰ মূল পথটো নিৰ্মাণৰ বাবে বিধায়ক অথবা পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে ৷ এই পথটো নিৰ্মাণৰ বাবে পঞ্চায়তৰ পৰা ৩ লাখ টকা আৱন্টন দিয়া হৈছিল যদিও পথ নিৰ্মাণত জড়িত বিজেপি নেতা বিক্ৰম খাড়িয়াই অতি নিম্ন মানৰে নিৰ্মাণ কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উতেথাপন কৰিছে স্থানীয় ৰাইজে । ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্যোগৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ অনুসৰি বাৰিষা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা-যোৱা কৰিব নোৱাৰা পৰিস্থিতি সৃষ্টি হয় । অঞ্চলটোৰ ৰোগী সকলকো সাঙি ভাৰ কৰি চিকিৎসালয়লৈ নিবলগীয়া হয় । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক পথ নিৰ্মাণৰ আবেদন জনাবলৈ যোৱা ৰাইজক "বাৰিষা বোকা হ'বই" বুলি কোৱাত ক্ষুদ্ধ হৈ পৰিছে গাঁওবাসী ৷ ক্ষুব্ধ ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে শুক্ৰবাৰে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে । চলিত বৰ্ষত মৰাণ বিধানসভা সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ দিয়া ৰাইজৰ সংখ্যা ক্ৰমাৎ বাঢ়িছে । এই সকল সমস্যাৰে জৰ্জৰিত ৰাইজক কেনেকৈ মৰাণৰ বিধায়ক জনে সন্তুষ্ট কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:221 new Assam Rifles recruits: অসম ৰাইফলছত ৮১গৰাকী মহিলাসহ ২২১গৰাকীৰ শপতনামা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.