মৰাণ,6 আগষ্ট : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC)ত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাহৰকটীয়া চাচনী মৌজাৰ গটং গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে বিজিত দত্ত (Bijit Dutta)ই ৷ সৰুকালতেই পিতৃ-মাতৃক হেৰুওৱা এই মেধাৱী ছাত্ৰজনক এটা উৰুখা পঁজাতে থাকি ডাঙৰ-দীঘল কৰিছে আইতাক কিৰণৱালা দত্তই ৷
থাকিবলৈ এটা ভাল ঘৰ, পঢ়িবলৈ এখন মেজ নথকা বিজিতৰ এই সাফল্যক লৈ প্ৰশংসাত পঞ্চমুখ হৈছে গাঁওবাসীৰ লগতে জিলা প্ৰশাসন ৷ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ খবৰ পাই গাঁওবাসীৰ লগতে গাঁওৰক্ষী বাহিনী আৰু চাচনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় বড়োৱে বিজিতৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জনায় ।
লগতে পঢ়ক : আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে ছাত্ৰ-ছাত্ৰীয়ে
ইফালে ধুমুহাত বিধ্বস্ত হৈ পৰা বিজিতৰ পঁজাটোও সকলোৱে মিলি বাঁহ, কাঠ, টিনপাতেৰে নিৰ্মাণ কৰি দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰে । আৰক্ষী প্ৰশাসন তথা গাঁওবাসীৰ এনে পদক্ষেপৰ কৃতজ্ঞতা প্ৰকাশ কৰে মেধাৱী ছাত্ৰ বিজিতে ৷ সৰুৰ পৰাই মেধাৰ পৰিচয় দি অহা বিজিতৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছে গাঁওবাসীয়ে ৷
প্ৰৱল ইচ্ছাশক্তি, একাগ্ৰতা আৰু অহৰহ প্ৰচেষ্টা থাকিলে এদিন সফলতাই আপোনাৰ কাষ চাপিবই । দৰিদ্ৰতা কেতিয়াও সফলতাত হেঙাৰ হ’ব নোৱাৰে । তেনে প্ৰৱল ইচ্ছাশক্তি আৰু একাগ্ৰতাৰ উদাহৰণ দাঙি ধৰিছে বিজিত দত্তই ৷
লগতে পঢ়ক : অসন্তুষ্ট শিক্ষাৰ্থী : সঁচাকৈয়ে ধনৰ বিপৰীতে উত্তীৰ্ণ হয় নেকি শিক্ষাৰ্থী ?