ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদ - Dibrugarh University AASU Unit

ক’ভডি নীতি বা SOP জাৰি থকাৰ মাজতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী । এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত নামিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ ।

protests-againest-admisson-fees-hike-in-technical-institutions-of-dibrugarh-university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদ
author img

By

Published : Jun 30, 2021, 11:01 AM IST

ডিব্ৰুগড়, 30 জুন : ক’ৰণাৰ মহামাৰীৰ মাজতো অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তথা উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) তীব্ৰ আন্দোলন । ক’ভডি নীতি বা SOP জাৰি থকাৰ মাজতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী (student)। এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত নামিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ সৰৱ বিশ্ববিদ্যালয়ৰ আছু গোট আৰু একাংশ ছাত্ৰ-ছাত্ৰী । চৰকাৰী শিক্ষা-প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামতো লক্ষাধিক টকাৰ মাচুল আদায়ক লৈ বিমোৰত ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে, ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা কেন্দ্ৰৰ সঞ্চালকে ৫০ শতাংশ মাচুল হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনাৰ দিয়াৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া হৈছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ বি টেকৰ (B.tech) শিক্ষাৰ্থীসকলে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদ

ইয়াকে লৈ মঙলবাৰে প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট আৰু একাংশ শিক্ষাৰ্থী । বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে’কাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ কৰিলে বিশ্ববিদ্যালয়ৰ আছু গোটৰ (aasu unit) উদ্যোগত শিক্ষাৰ্থীয়ে ।

কোনো কাৰণতেই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল বৃদ্ধি কৰা মানি নলয় বুলি সকীয়নি আছু নেতৃত্বৰ এই প্ৰতিবাদৰ যোগেদি । উল্লেখযোগ্য যে, ২১ জুনতে বিশ্ববিদ্যালয়ৰ আছু গোটে স্মাৰক পত্ৰ প্ৰদান কৰি মাচুল হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল । কিন্তু আজি পৰ্যন্ত আছুৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে । অভিযোগ মতে মাচুল পৰিশোধ কৰিব নোৱাৰাৰ ফলত আধাতে বহু ছাত্ৰ- ছাত্ৰীয়ে সামৰিবলগীয়া হৈছে শৈক্ষিক জীৱন ।

যাৰ ফলত উপায়ন্তৰ হৈ অৱশেষত প্ৰতিবাদত নামিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট (Dibrugarh University AASU Unit) । ক'ভিড পৰিস্থিতিৰ মাজতো বিশ্ববিদ্যালয়ৰ অত্যাধিক মাচুল বৃদ্ধি কাৰ্য বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব বুলি সকীয়াই দিছে আছু গোটে । উল্লেখ যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা অভিযান্ত্ৰিক আৰু কাৰিকৰি প্ৰতিষ্ঠানটো হৈছে এক কনষ্টিটুৱেন্ট কলেজ (Constituent college) অৰ্থাৎ ই বিশ্ববিদ্যালয়ে বান্ধি দিয়া পৰীক্ষা প্ৰণালী মতে চলে ।

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.