ETV Bharat / state

নাহৰকটীয়াত ক’লা পতাকা প্ৰদৰ্শন সাংসদ ৰামেশ্বৰ তেলীক - নাহৰকটীয়া কা প্ৰতিবাদ

নাহৰকটীয়াত বছৰটোৰ দ্বিতীয় দিনাও নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷

Protesters shows black flag to MP Rameshwar Teli
নাহৰকটীয়াত ক’লা পতাকা প্ৰদৰ্শন সাংসদ ৰামেশ্বৰ তেলীক
author img

By

Published : Jan 3, 2020, 7:59 AM IST

নাহৰকটীয়া,3 জানুৱাৰীঃ নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতেই ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ নাহৰকটীয়াত বছৰটোৰ দ্বিতীয় দিনাও নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ সমান্তৰালকৈ নলবাৰীত আইনখনৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰ আৰু চৰকাৰী দমন নীতিৰ বিৰুদ্ধে মৰাণ তিনিআলিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

নাহৰকটীয়াত ‘কা’ বিৰোধী প্ৰতিবাদ

আনহাতে, গণতান্ত্ৰিক আন্দোলনৰ ভাষা ৰূদ্ধ কৰিব বিচৰা শাসকীয় চৰকাৰখনক প্ৰতিবাদকাৰীসকলে সকীয়নি প্ৰদান কৰি কয় যে, প্ৰতিবাদকাৰীৰ পিঠিত যিমানে আৰক্ষীৰ লাঠিৰ কোব পৰিব গণতান্ত্ৰিক আন্দোলন সিমানে তীব্ৰতৰ হ’ব ৷

লগতে পঢ়ক-অসম ৰাজ্যিক চিৰিয়াখানাত বিশেষ যন্ত্ৰৰ সহায়ত উৎপাদন কৰা হ'ব ঘাঁহ

Intro:প্ৰতিবাদকাৰীৰ পিঠিত যিমানে আৰক্ষীৰ লাঠিৰ কোব পৰিব গণতান্ত্ৰিক আন্দোলন সিমানে তীব্ৰতৰ হবঃ

নৱবৰ্ষৰ পহিলা দিনটোতে জাতিধ্বংসী নাগৰিকত্ব আইনৰ বিৰুদ্ধে ১২ ঘণ্টীয়া অনশন কাৰ্য্যসূচী গ্ৰহণ কৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই দ্বিতীয় দিনাও কা'ৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷ উল্লেখ্য যে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোক সভাৰ সাংসদ
ৰামেশ্বৰ তেলীক কলা পতাকা প্ৰদৰ্শন কৰাৰ লগতে নলবাৰীত গণতান্ত্ৰিক ভাবে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰ আৰু চৰকাৰী দমন নীতিৰ বিৰুদ্ধে মৰাণ তিনিআলিত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নোপোৱা অসম চৰকাৰক সকিয়াই দিয়ে আৰক্ষীৰ গুলি আৰু লাঠিৰ কোবেৰে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস কৰিলে আৰু জংগী হব আন্দোলন, প্ৰতিবাদকাৰীৰ পিঠিত যিমানে আৰক্ষীৰ লাঠিৰ কোব পৰিব আন্দোলন সিমানে তীব্ৰতৰ হব৷
--- মিনহাজ আহমেদ, নাহৰকটীয়া Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.