ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জ্বলিল সৰ্বা-পাটোৱাৰীৰ পুত্তলিকা

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ সৰৱ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ ছাত্র একতা সভাৰ ৷

author img

By

Published : Sep 9, 2021, 9:44 PM IST

protest in dibrugarh university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জ্বলিল সৰ্বা-পাটোৱাৰীৰ পুত্তলিকা

মৰাণ, 9 ছেপ্টেম্বৰ : যোৰহাটৰ নিমাতীঘাটত বুধবাৰে সংঘটিত হোৱা শিহৰণকাৰী নাও দুৰ্ঘটনাক লৈ সৰৱ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভা । নদী দ্বীপ মাজুলীক যোৱা পাঁচ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলং নিৰ্মাণৰ নামত ৰাজনীতিৰ কৰা অভিযোগ তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ ৷

ছাত্র একতা সভাৰ সদস্য সকলে বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ ৷ লগতে পাঁচ বছৰে মাজুলীবাসীক দলং দিব নোৱাৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলপৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰে । স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সভাপতি পৱন গগৈ আৰু সাধাৰণ সম্পাদক হিমালয় বাৰিকৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক: কৰ্তব্যত গাফিলতি কৰি তাচ পাত খেলে IWT ৰ বিষয়াই : শংকৰ জ্যোতি বৰুৱা

প্ৰতিবাদস্থলীৰ পৰা শিহৰণকাৰী ঘটনাক উদ্বেগ প্ৰকাশ কৰি চৰকাৰৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্র একতা সভাৰ সদস্য সকলে ৷ দলং নিৰ্মাণ নোহোৱালৈকে প্ৰতিগৰাকী যাত্ৰীৰ লাইফ জেকেট, ফেৰীত সুৰক্ষা জনিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে নিমাতীঘাট-মাজুলী ফেৰী চলাচল কৰিবলৈ দাবী জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই ৷

লগতে নিমাতীঘাটৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে ডিব্ৰুগড় আৰু তিনিচুকীয়াতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু জল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে মাজুলীত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাই ৷

লগতে পঢ়ক : শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.