ডিব্ৰুগড়,১৯ মে': বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবীত শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ(Protest at Dibrugarh University) । বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ আৱাসীসকলে বিশুদ্ধ খোৱাপানী বিচাৰি প্ৰশাসনিক ভৱনৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
বছৰ বছৰ পুৰণি পানীৰ টেংকী আৰু আওপুৰণি ফিল্টাৰটো সলনি নকৰাত আইৰণযুক্ত পানী সেৱন কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে। বিশেষকৈ বিশ্ববিদ্যালয়খনৰ আটাইতকৈ পুৰণি ছাত্ৰাৱাস PNGBত থকা পানীৰ টেংকী আৰু ফিল্টাৰটো আজিলৈকে সলনি কৰাৰ ব্যৱস্থা নকৰিলে ।
যাৰ ফলত লেতেৰা আৰু দুৰ্গন্ধময় পানী ব্যৱহাৰ কৰাৰ ফলত শিক্ষাৰ্থী সকলৰ দেহত ছাল আৰু চকুৰ বিভিন্ন ৰোগে দেখা দিছে । অন্যহাতে এই সন্দৰ্ভত বিশ্ববিদ্যালয় প্ৰশাসনক দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ।
ইফালে শিক্ষাৰ্থী সকলৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ পানীৰ নতুন টেংকী স্থাপনৰ নামত আভুৱা ভৰাৰ অভিযোগ তুলিছে । অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সকলে সেৱন কৰিব পৰাকৈ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে । লগতে প্ৰতিবাদী ছাত্ৰসকলে আন কেতবোৰ গুৰুত্বপূৰ্ণ দাবীও উত্থাপন কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা