টিংখাং, 16 জুলাই : অখিল গগৈ,বলদেব তেলীসহ সকলো কা কাৰাবন্দীক মুক্তিৰ দাবীত চিপিআই (এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ 24 ঘণ্টীয়া অনশন কাৰ্যসূচীৰ সফল সামৰণি ৷ বুধবাৰৰ পৰা চিপিআই (এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে সকলো কা কাৰাবন্দীক মুক্তিৰ দাবীত অনশন কাৰ্যসূচীত বহিছিল ৷
বৃহস্পতিবাৰে দিনৰ 12 টা বজাত ফলৰ ৰস খাই আনুষ্ঠানিক ভাৱে অনশন কাৰ্যসূচী ভংগ কৰে সদস্য সকলে । আনহাতে যেতিয়া লৈকে ‘কা’ আন্দোলনৰ নেতা অখিল গগৈ,বলদেব তেলীসহ সকলো কা কাৰাবন্দীক মুক্তি কৰি দিয়া নহয় তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি জনায় প্ৰতিবাদকাৰীয়ে ।
লগতে চাওক-জিঘাংসা: পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ