ডিব্ৰুগড়, 25 ডিচেম্বৰঃ মৰাণত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আন্দোলন আৰম্ভ হোৱাৰ পাছৰে পৰা সমষ্টিটোৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টি এৰি গুৱাহাটী আৰু শ্বিলঙত বাহৰ পাতি আছিল । ইয়াৰ পাছতে আন্দোলন শাম কটা বুলি ভাবি সমষ্টিলৈ আহি দলীয় কামকাজ আৰম্ভ কৰিছিল বিধায়কজনে । বুধবাৰে মৰাণ তিলৈ গ্ৰাম্য বজাৰত এখন দলীয় সভা অনুষ্ঠিত কৰি বিধায়ক জনে ভাষণ দি থকা সময়তে মৰাণ আঞ্চলিক ছাত্ৰ সন্থা আৰু খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে অৱস্থান ধৰ্মঘট কৰি চক্ৰ গগৈ গ' বেক, আৰ এ এছ, বিজেপি হুচিয়াৰ আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।
তাৰ পাচতে পৰিৱেশ বিষম দেখি বিধায়কে সভা আধাতে সামৰিক সভাকক্ষৰ পাছ দুৱাৰেদি পলায়ন কৰে যদিও আছু কৰ্মী সকলে বিধায়ক জন যোৱাৰ পথত ক'লা পতাকা প্ৰদৰ্শন কৰে । মুঠৰ ওপৰত শতাধিক আছু কৰ্মীৰ সন্মুখৰ পৰা আজি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে এক প্ৰকাৰ পলায়ন কৰিবলৈ বাধ্য হয় ।