ETV Bharat / state

Protest in Lepetkata: লেপেটকটাত লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest at Lepetkata

লেপেটকটাত লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ (Protest against eviction at Lepetkata)। চাহ বাগিচা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চাহ শ্ৰমিক । লক্ষ্মী টি কোম্পানীৰ অধীনস্থ বলাই চাহ বাগিচাৰ চাহগছ উচ্ছেদ কৰি কফি উদ্যোগ স্থাপনৰ বাবে গ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

Protest in Lepetkata
লেপেটকটাত লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Dec 12, 2022, 12:23 PM IST

মৰাণ, ১২ ডিচেম্বৰ: চাহ বাগিচা উচ্ছেদক লৈ পুনৰ উত্তাল হৈছে ডিব্ৰুগড় (Tea garden eviction in Dibrugarh)। এইবাৰ জিলাখনৰ লেপেটকতাত প্ৰতিবাদত নামিল চাহ শ্ৰমিকসকল (Tea workers protest in Lepetkata)। লক্ষ্মী টি কোম্পানীৰ অধীনস্থ বলাই চাহ বাগিচাৰ চাহগছ উচ্ছেদ কৰি কফি উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে সোমবাৰে পুৱাই প্ৰতিবাদ কৰিলে হাজাৰ হাজাৰ চাহ শ্ৰমিকে ।

লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে,পূৰ্বে ২০ হেক্টৰ ভূমিৰ চাহগছ উচ্ছেদ কৰিছিল মালিক পক্ষই (Protest against Laxmi Tea Company at Lepetkata)। শেহতীয়াকৈ পুনৰ ৩৮ হেক্টৰ চাহ গছ উচ্ছেদ কৰি কফি উদ্যোগ স্থাপনৰ প্ৰস্তুতি চলাইছে লক্ষ্মী টি কোম্পানীটোৱে । যাৰ বাবে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ জীৱনৰ প্ৰতি নামি আহিছে তীব্ৰ ভাবুকি ।

লেপেটকটাত লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ

আনকি বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলকো চাটাইৰ প্ৰস্তুতি চলাইছে কোম্পানীৰ মালিকপক্ষই । কোম্পানীৰ এই সিদ্ধান্তক কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়ে চাহ শ্ৰমিকসকলে । অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধৰ দাবী জনাইছে বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলে ।

যদিহে তেওঁলোকৰ দাবী শীঘ্ৰে মানি নলয় তেতিয়াহ'লে শ্ৰমিক-কৰ্মচাৰীসকলে ইয়াতকৈ অধিক জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকীয়াই দিছে (Tea workers protest at Lepetkata)। শ্ৰমিক-কৰ্মচাৰীসকলে লক্ষ্মী টি কোম্পানীৰ এই সিদ্ধান্ত কোনো কাৰণতেই মানি নলয় বুলি উল্লেখ কৰি তেওঁলোকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈহে দাবী জনায় ।

ইপিনে, ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰক,চাহ শ্ৰমিকৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক,উন্নয়ন তথা বিকাশৰ নামত চাহ বাগিচা ধ্বংস কাৰ্য বন্ধ কৰক, চাহ শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । বাগিচাৰ সৈতে জড়িত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ জীৱন-জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত উচ্ছেদ কার্য বন্ধ কৰাৰ বাবে তেওঁলোকে দাবী জনায় ।

লগতে পঢ়ক: Bhupendra Patel oath ceremony : আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.