ETV Bharat / state

মৰাণত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিচ্ছবি দাহ

author img

By

Published : Apr 2, 2021, 7:52 PM IST

মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ফোনযোগে ভাবুকি দিয়াৰ পিছতে সমগ্ৰ ৰাজ্যতে ক্ষোভৰ উদ্গীৰণ হৈছে । শুক্ৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিভিন্ন দল-সংগঠনে । ডিব্ৰুগড়ৰ মৰাণত মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আহোম জাতীয় গণমঞ্চ অসম, টাই আহোম যুৱ পৰিষদ আৰু আহোম সেনাৰ কৰ্মকৰ্তাসকলে ।

মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে মৰাণত কেইবাটাও সংগঠনৰ প্ৰতিবাদ

মৰাণ, ২ এপ্ৰিল: শুক্ৰবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন দল-সংগঠনে । মন্ত্ৰীগৰাকীয়ে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে ভাবুকি দিয়া কাৰ্যক গৰিহণা দি মৰাণত প্ৰতিবাদত নামিল আহোম জাতীয় গণমঞ্চ অসম, টাই আহোম যুৱ পৰিষদ আৰু আহোম সেনা ।

মৰাণৰ ট্ৰেফিক পইণ্টৰ সমীপত সংগঠনকেইটাই পীযুষ হাজৰিকাৰ প্ৰতিচ্ছবি দাহ কৰি মন্ত্ৰীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক দমন কৰা কাৰ্য সহ্য কৰা নহ'ব, সাংবাদিক নিৰ্যাতন বন্ধ কৰক আদি শ্ল'গান সম্বলিত পোষ্টাৰ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । মন্ত্ৰীগৰাকীয়ে আন এগৰাকী সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক অকন ভূঞাই কয় যে, এগৰাকী মন্ত্ৰীৰ এনেধৰণৰ কাৰ্য অতিকৈ নিন্দনীয় আৰু ই গণতন্ত্ৰৰ বাবে চৰম ভাবুকি । এনে কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলিও নেতাজনে সকীয়াই দিয়ে ।

উল্লেখ্য যে, অভিনেত্ৰী তথা পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাই নাগৰিকত্ব সংশোধনী আইনক লৈ নিৰ্বাচনী প্ৰচাৰ সভাত বিতৰ্কিত মন্তব্য কৰাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । এই বাতৰি সংবাদ মাধ্যমতো সম্প্ৰচাৰ কৰা হৈছিল ।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে তেওঁ পত্নীৰ বক্তব্যৰ উক্ত ভিডিঅ' বিকৃত কৰি প্ৰচাৰ কৰাৰ অভিযোগ তুলি এগৰাকী সাংবাদিকক ফোনযোগে ককৰ্থনা কৰিছিল । মন্ত্ৰীগৰাকীৰ এই কাৰ্যৰ বিৰোধিতাৰে শুক্ৰবাৰে সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ উঠে ।

লগতে পঢ়ক:দেওবাৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.