ETV Bharat / state

ৰাইজৰ ৰোষত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ

ৰাইজৰ ৰোষত বিধায়ক চক্ৰধৰ গগৈ ৷ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ সমষ্টিবাসীৰ ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি ৰাইজে কঁপালে লেজাই কলাখোৱা অঞ্চল ৷

ৰাইজৰ ৰোষত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ
ৰাইজৰ ৰোষত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ
author img

By

Published : Feb 7, 2021, 8:08 PM IST

মৰান, 7 ফেব্ৰুৱাৰী: অসমলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ পাছতে ৰাইজৰ ৰোষত পৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে তেঁওৰ সন্মুখতে গ' বেক শ্ল'গান দি ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটায় ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি ৰাইজে অঞ্চলটো কঁপাই তোলে ৷

লেজাই কলাখোৱাত বিধায়ক গৰাকী ৰাইজৰ ৰোষত পৰে

জানিব পৰা মতে বিধায়ক গৰাকী সমষ্টিটোৰ লেজাই কলাখোৱা অঞ্চললৈ মথাউৰি নিৰ্মাণ সন্দৰ্ভত এক আলোচনা সভালৈ গৈছিল ৷ উক্ত আলোচনা সভালৈ গৈয়েই বিধায়ক গৰাকী ৰাইজৰ ৰোষত পৰে ৷ বিধায়ক গৰাকীয়ে প্ৰদান কৰা মন্তব্যৰ বিৰুদ্ধে ৰাইজে অলেখ প্ৰশ্নৰে গগৈক ব্যতিব্যস্ত কৰি তোলে ৷

অভিযোগ অনুসৰি প্ৰায় 130 টা পৰিয়ালৰ জীৱন বিপদাপন্ন কৰি পথৰ ওপৰত মথাউৰি নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলতে ৰাইজ ক্ষুব্ধ হৈ পৰে ৷ উত্তেজিত ৰাইজে বিভিন্ন প্ৰশ্নৰে বিধায়ক গৰাকীক থকা সৰকা কৰাৰ পাছতে অৱশেষত গগৈয়ে মথাউৰিটো নদীৰ কাষেৰে নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজক অৱগত কৰে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন ঘুৰাই পঠিয়ালে আটছাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.