ETV Bharat / state

Constituency delimitation: লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ৰাইজৰ অৱস্থান ধৰ্মঘট

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে লাহোৱালত প্ৰতিবাদ । সমষ্টিবাসীৰ দাবী মানি নল'লে ৰেলপথ,বিমানকোঠ অৱৰোধ কৰাৰ হুংকাৰ ৰাইজৰ ।

Reaction on Constituency delimitation
লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদ
author img

By

Published : Jun 22, 2023, 6:17 PM IST

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদ

মৰাণ, ২২ জুন:ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ৰাজ্য়ৰ বিভিন্ন ঠাইত এই বিষয়ক লৈ আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰতিবাদত বৃহস্পতিবাৰে লাহোৱালৰ সচেতন ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

১৯৫৭ চনতে গঠন হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হোৱাক লৈ লাহোৱাল সমষ্টিৰ একাংশ দল-সংগঠনৰ নেতৃবৰ্গই কালি ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আজি লাহোৱালৰ সচেতন ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লাহোৱাল সমষ্টিত থকা বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ঐক্যবদ্ধ মিলনক ভাগ ভাগ কৰিবলৈ বিচৰা বিজেপি চৰকাৰৰ যি এক ষড়যন্ত্ৰকাৰী সিদ্ধান্ত সেয়াই লাহোৱাল সমষ্টিৰ ৰাইজক হতচকিত কৰি তুলিছে ।

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্ত পূৰ্ণ হ'বলগীয়া হয় তেন্তে এই সমষ্টিৰ অৰ্ন্তভুক্ত হৈ থকা পঞ্চায়ত সমূহৰ অন্তগৰ্ত গঞা ৰাইজে উন্নতিৰ মুখ নেদেখিব । আনকি নিজৰ ওজৰ আপত্তি সমূহ বিধায়কক উপস্থাপন কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকাত ভুগিব বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰী ৰাইজে । কিয়নো লাহোৱাল সমষ্টিৰ অৰ্ন্তগত লোকসকল এতিয়া চাৰিটা সমষ্টি ক্ৰমে - টিংখাং, চাবুৱা, ডিব্ৰুগড় আৰু দুলীয়াজান সমষ্টিৰ অন্তভুৰ্ক্ত হ'ব । ইয়াৰ ফলশ্ৰুতিত কিন্তু বৰ্তমান লাহোৱাল সমষ্টিৰ অন্তগৰ্ত লোকসকল ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিব ৷

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে চাবুৱা সমষ্টি গঠনৰ পূৰ্বেই কিন্তু লাহোৱাল সমষ্টি গঠন হৈছিল । চাবুৱা সমষ্টিৰ তুলনাত লাহোৱাল সমষ্টিত পঞ্চায়তৰ সংখ্যাও বেছি । তদুপৰি ২০০১ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কুচকাৱাজ অনুসৰি লাহোৱাল সমষ্টি ৰাখি চাবুৱা সমষ্টিহে কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছিল। তৎসত্বেও কিন্তু বৰ্তমান লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্তহে গ্ৰহণ কৰাত লাহোৱাল সমষ্টিৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে কালিৰে পৰা ভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে ৷

লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লোৱা লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিজেপি চৰকাৰে ভোট বিভাজনৰ ৰাজনীতি কৰি লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ'ব ৷ অতি শীঘ্ৰেই যদি এই সিদ্ধান্ত বাতিল নকৰে তেন্তে লাহোৱাল সমষ্টিৰ ৰাইজে ভোট প্ৰদান কৰাৰ পৰা বিৰত থকাৰ উপৰি ভয়াবহ আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিছে ৷

লগতে পঢ়ক:Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.