ETV Bharat / state

ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ বিৰুদ্ধে ৰাজগড়ত প্ৰতিবাদ

author img

By

Published : Sep 19, 2022, 9:32 PM IST

ৰাজগড় চহৰৰ মাজেদি পথ বহলিকৰণ হ'লে বৰ্তমানে প্ৰতিস্থিত বহু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ হ'ব । যাৰ ফলত একমাত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাদে অন্য কোনো উপাৰ্জনৰ পথ নথকা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন জীৱিকাৰ প্ৰতিও ভাবুকি আহিব । সেয়েহে সমস্যাৰ সঠিক সমাধান আৰু উচিত ক্ষতিপূৰণৰ দাবীত ৰাজগড় ব্যৱসায়ী সন্থাই সোমবাৰে ৰাজগড়ত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে(Businessman protest in Rajgarh) ।

Businessman protest in Rajgarh
http://10.10.50.80:6060///finalout3/assam-nle/finalout/19-September-2022/16415859_moran3_aspera.mp4

মৰাণ, ১৯ছেপ্টেম্বৰ: অসম চৰকাৰৰ অসম মালাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক ঘাইপথৰ(State highways under Assam Mala at Rajgarh) বাবে শংকিত হৈছে টিংখাং ৰাজগড়ৰ বহু সংখ্যক ব্যৱসায়ী । উল্লেখযোগ্য যে প্ৰস্তাৱিত পথটোৰ কাম আৰম্ভ হ'লে ৰাজগড় চহৰৰ মাজেদি যাবলগীয়া এই ঘাইপথটোৰ বাবে ৰাজগড়ৰ প্ৰায় শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ঘণিভূত হৈ পৰিছে । কাৰণ ৰাজগড় চহৰৰ মাজেদি পথ বহলিকৰণ হ'লে বৰ্তমানে প্ৰতিস্থিত বহু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ হ'ব । যাৰ ফলত একমাত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাদে অন্য কোনো উপাৰ্জনৰ পথ নথকা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন জীৱিকাৰ প্ৰতিও ভাবুকি আহিব ।

ৰাজ্যিক ঘাইপথ নিৰ্মাণৰ বিৰুদ্ধে ৰাজগড়ত প্ৰতিবাদ

সেয়েহে সোমবাৰে টিংখাঙত ব্যৱসায়ীয়ে ক্ষোভ প্ৰকাশ কৰি বন্ধ কৰে দোকান-পোহাৰ (Businessman protest at Rajgarh)। ফলত স্তব্ধ হৈ পৰিল টিংখাঙৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ৰাজগড় চহৰ । আনহাতে,ৰাজগড় চহৰৰ মাজমজিয়াত নিৰ্মীয়মান ৰাজগড় ছুপাৰ মাৰ্কেটৰ লেহেমীয়া গতিয়েও সমস্যাত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক । ইতিমধ্য়ে নিৰ্মীয়মান ছুপাৰ মাৰ্কেটৰ বাবে বহু সংখ্যক ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ উঠাই আনি ফুটপাথত অস্থায়ী চলাই আছে । এতিয়া বহু সমস্যাৰ মাজেৰে ব্যৱসায়িক কাম-কাজ চলাই থাকিবলগীয়া হৈছে ।

ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ এনে সমস্যা সমূহৰ সঠিক সমাধান আৰু উচিত ক্ষতিপূৰণৰ দাবীত ৰাজগড় ব্যৱসায়ী সন্থাই সোমবাৰে ৰাজগড়ত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজগড় অঞ্চলৰ শতাধিক ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ধৰ্মঘট কাৰ্যসূচীৰ পিছত প্ৰতিবাদী ব্যৱসায়ী সকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত টিংখাং ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:etv comment image টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.