নিউজ ডেস্ক,11 ডিচেম্বৰ: ক্ৰমাৎ অধিক উত্তপ্ত হ'ব ধৰিছে অসমৰ পৰিস্থিতি ৷ কেবৰ বিৰুদ্ধে হুংকাৰ ক্ষুব্ধ জনতাৰ ৷
মৰাণ: কেব বিৰোধী প্ৰতিবাদত মৰাণৰ খোৱাঙৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৷ টায়াৰ জ্বলাই অৱৰোধ কৰে 37নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ খোৱাঙৰ মহিলা প্ৰতিবাদকাৰী সকলক সহযোগ কৰে পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী, কৃষক মুক্তি, আছু, আটাছু, তাই আহোম যুৱ পৰিষদ আৰু স্থানীয় লোক সকলে ৷
লখিমপুৰ: কেবৰ বিৰোধিতাৰে উত্তপ্ত লখিমপুৰৰ পৰিৱেশ ৷ ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ একত্ৰিত হৈ লখিমপুৰ নগৰৰ ঘাইপথ আৱৰোধ কৰিলে প্ৰতিবাদকাৰীয়ে ৷
হোজাই: ইফালে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও প্ৰতিবাদ কৰিলে জাতিধ্বংসী অভিহিত বিধেয়ক খনৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত চৰকাৰ মুর্দাবাদ ধ্বনিৰে কেব বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰী সকলে৷
লগতে পঢ়ক: কেবৰ বিৰোধিতা কৰা বহু দলে পাকিস্তানৰ ভাষা কয়:মোডী