ETV Bharat / state

অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে - Principal Dr Mitali Konwar

বাহিৰা লোকৰ প্ৰৰোচনাত পৰিছে মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজ ৷ মৰাণ মহাবিদ্যালয়ত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই ৷ অৱশেষত এইদৰে মন্তব্য প্ৰকাশ কৰিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে ৷

Principal Dr Mitali Konwar talking about Moran College issue
অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে
author img

By

Published : Aug 5, 2021, 7:53 PM IST

Updated : Aug 7, 2021, 7:53 PM IST

মৰাণ, 5 আগষ্ট : ‘‘বাহিৰা লোকৰ প্ৰৰোচনাত মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজে অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উশৃংখল পৰিবেশ সৃষ্টি কৰিছে ৷ ড৹ মিতালী কোঁৱৰ অধ্যক্ষা হৈ থকাৰ দিনত মৰাণ মহাবিদ্যালয়ত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই ৷’’ অৱশেষত সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিলে ড৹ মিতালী কোঁৱৰে ৷

শিশু নিৰ্যাতনৰ লগত অভিযুক্ত ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত মহাবিদ্যালয়ত বিভিন্ন কামত অনিয়ম এক সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন কৰিছে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে । মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ত ছাত্ৰ সমাজে প্ৰতিদিনেই কৰি গৈছে প্ৰতিবাদ । বিগত দিন কেইটাত ড° মিতালী কোঁৱৰক মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে পুনৰ নিয়োগ কৰা পাচতে প্ৰায়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ছাত্ৰ সমাজে ৷

অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে

লগতে পঢ়ক : আকৌ এবাৰ বিতৰ্কত principal বাইদেউ !

ছাত্ৰ সমাজে সদৰি কৰা মতে মৰাণ মহাবিদ্যালয় অধ্যক্ষা হিচাপে ড৹ মিতালী কোঁৱৰক কেতিয়া মানি লোৱা নহয় ৷ এই বিষয়ত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে সাংবাদিকৰ আগত কয়, তেখেতৰ কাৰ্যকালত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই । তেখেতে চৰকাৰৰ নিৰ্দেশনালৈহে মহাবিদ্যালয়ত পুনৰ অধ্যক্ষা হিচাপে যোগদান কৰিছে ৷

"মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বাহিৰালোকৰ প্ৰৰোচনাত পৰি এনেদৰে প্ৰতিবাদ কৰি আহিছে ৷ তেখেতৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিলে সকলো স্পষ্ট হৈ পৰিব ৷" সাংবাদিকৰ আগত এইদৰে কয় বিতৰ্কিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা গৰাকীয়ে ৷

লগতে পঢ়ক: ছাত্ৰৰ পৰা পহু খেদা খালে Principal বাইদেউৱে

উল্লেখ যে, অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰে নিজ গৃহত শ্ৰমিক হিচাপে ৰখা এটি ১২ বছৰীয়া শিশুক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত যোৱা বৰ্ষৰ ছেপ্তেম্বৰত স্বামীসহ গ্ৰেপ্তাৰ হৈছিল মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বন হৈছিল । এই গৰাকী বিতৰ্কিত অধ্যক্ষাই মহাবিদ্যালয়ত পুনৰ যোগদান কৰিবলৈ অহাৰ পাচতে এতিয়া মৰাণত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সমাজৰ

Last Updated : Aug 7, 2021, 7:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.