মৰাণ,১২ ফেব্ৰুৱাৰী: দীৰ্ঘদিন ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ দূৰ্নীতি সংঘটিত হোৱা বুলি এক অভিযোগ উত্থাপন হৈ আছিল । সংবাদমাধ্য়মত দূৰ্নীতি সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তদন্ত চলিছিল অসম চৰকাৰৰ তৰফৰ পৰাও আৰু অৱশেষত দূৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক নিলম্বন কৰা হৈছে । অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ নেতৃত্বত অহা নিৰ্দেশনা অনুসৰি নিলম্বিত হয় উপাচাৰ্য ড০ ৰঞ্জিত তামুলী ।
এই নিলম্বনৰ নিৰ্দেশনাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্য়মন্ত্ৰীক তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে ধন্য়বাদ জ্ঞাপন কৰে শিক্ষক সন্থাই ।
লগতে পঢ়ক:চৰকাৰী আঁচনিয়ে স্পৰ্ষ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল