ডিব্ৰুগড়, 15 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত দেওবাৰে সন্ধিয়া এগৰাকী মহিলাক এচিড ঢালি আক্ৰমণ কৰা ঘটনাৰ অভিযুক্ত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অভিযুক্ত লোকজন বুদ্ধদেৱ দাস (50) ওৰফে এপেল দাস বুলি জানিব পৰা হৈছে ৷ দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত লোকজনক ।
ডিব্ৰুগড় নগৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোনোৱালৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বুদ্ধদেৱ দাসক । বুদ্ধদেৱ দাস ডিব্ৰুগড়ৰ মোহিনিজ নামৰ এখন কাপোৰৰ দোকানৰ কৰ্মচাৰী । সোমবাৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে এখন সংবাদমেল অনুষ্ঠিত কৰি ঘটনা সবিশেষ উল্লেখ কৰে ৷
লগতে পঢ়ক : অগপক ৪০খন আসন লাগিবই: ৰমেন্দ্ৰ নাৰায়ণ কলিতা